স্বাস্থ্য প্ৰতিবেদন:
(২)
অক্সফোর্ড বিশ্ববিদ্যালয়ৰ এটি গৱেষণাত প্রমাণিত হৈছে যে শিশুসকলৰ বুদ্ধিৰ বিকাশ, স্মৃতিশক্তি আৰু দৃষ্টিশক্তি বৃদ্ধিত ডিএইচএই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।
ছয়ৰ পৰা দশ বছৰ বয়সৰ শিশুসকলে পর্যাপ্ত পৰিমাণে ওমেগা-৩ আৰু ডিএইচএ গ্রহণ কৰিলে পৰৱর্তী জীৱনত শিশুসকলে বুদ্ধিৰ বিকাশ, স্মৃতিশক্তি, দৃষ্টিশক্তি আৰু মেধাৰ পৰিচয় দিয়ে। সৰু-ডাঙৰ উভয় মাছতে আছে প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট উপাদান, যিয়ে কেন্সাৰ, দীর্ঘম্যাদী প্রদাহজনিত ৰোগ, আর্থ্রাইটিছ ৰোধত সহায় কৰে, লগতে ছাল ভালে ৰাখে।
মাছৰ তেলত আছে এক ধৰণৰ ৰাসায়নিক উপাদান, যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজাত সহায় কৰে। সৰু কাঁইটযুক্ত মাছক কেলচিয়ামৰ এটি গুৰুত্বপূর্ণ উৎস বুলি কোৱা হয়। ইয়াৰ উপৰি মাছত আমিষ আৰু ওমেগা-৩ চর্বিৰ উপৰি আছে গুৰুত্বপূর্ণ খনিজ উপাদান, ছেলেনিয়াম, মেঙ্গানিজ আৰু ফছফৰাছ, যিয়ে দাঁত, পেশী আৰু হাড়ৰ গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
যিসকলৰ ছাল শুকান তেওঁলোকেও ইয়াৰ পৰা পৰিত্রাণ পাব পাৰে। মাছৰ তেলে ছালক চকচকীয়া উজ্জল আৰু দীপ্তিময় কৰে। ইয়াৰ উপৰি ছালৰ বিভিন্ন ধৰণৰ ৰোগ যেনে, ফুটফুটীয়া হোৱা, ৰঙা পৰা ভাব, ছালৰ ক্ষত আদি বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্তি দিয়াত মাছৰ তেলে সহায় কৰে।
অৱশ্যে মনত ৰাখিব, সকলো বস্তুৰে অতিৰিক্ত হোৱাটো বেয়া৷ একেদৰে অতিৰিক্ত মাছ খালে স্বাস্থ্যৰ বাবে ক্ষতিৰ কাৰণ হৈ উঠিব পাৰে। সামুদ্রিক মাছৰ কিছু উপাদানৰ কাৰণে গর্ভাৱস্থাত মাছ খোৱাটো বিপদাপূর্ণ।