![]()
নিউজ ডেস্কঃ
ৰাজনৈতিক বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছিল, তেওঁ যদি সঁচাকৈয়ে ৰাজনীতিলৈ আহে, ২০২১ৰ তামিলনাডু বিধানসভা নির্বাচনৰ নক্সা হ’ব অন্য ধৰণৰ। কিন্তু উক্ত সকলো জল্পনা-কল্পনাত ইতি টানিলে থালাইভা ৰজনীকান্তে। জনাই দিলে, ৰাজনীতিলৈ তেওঁ নাহে। ভংগ কৰি দিলে নিজে গঠন কৰা দলো।
আজি নিজৰ ফোৰামৰ সদস্যসকলৰ সৈতে শেষবাৰ বৈঠকত বহিছিল তামিল ছুপাৰষ্টাৰজন। তাৰ পিছত সাংবাদিকৰ আগত কয়, ‘ভৱিষ্যতে ৰাজনীতিত খোজ দিয়াৰ পৰিকল্পনা নাই। আগতে যিটো স্থিৰ কৰিছিলো, সেইটোৱে চূড়ান্ত৷’
উল্লেখ্য, ৰাজনীতিত অংশগ্ৰহণ কৰাৰ ইচ্ছা প্রকাশ কৰিয়েই ২০১৮ চনত ৰজনী মাক্কাল মন্দ্রম (পিপলছ ফোৰাম)গঠন কৰিছিল। উক্ত সংগঠনেই এতিয়া তেওঁ ভংগ কৰি দিলে। গঠন কৰিলে ‘ৰজনীকান্ত ৰছিগৰ নাৰপানি মন্দ্রম’ (ৰজনীকান্ত ফেন ৱেলফেয়াৰ ফোৰাম)। লগতে জনালে, সম্পূৰ্ণ–সময়ৰ অভিনেতাই হৈ থাকিব তেওঁ। সেইটোৱে তেওঁৰ পেছা আৰু নিচা।











