![]()
নিউজ ডেস্কঃ
ছুপ্রিম কোর্টত মুখ থেকেচা খালে কে পি শর্মা ওলিয়ে। প্রধানমন্ত্রিত্ব হেৰুৱালে ওলিয়ে। পুৰণি মন্ত্রীসভাই বহাল ৰাখিলে ছুপ্রিম কোর্টে। ওলিৰ স্থানত নেপালী কংগ্রেছৰ সভাপতি শেৰ বাহাদুৰ দেউবাক প্রধানমন্ত্রী পতাৰ নির্দেশ দিলে দেশখনৰ শীৰ্ষ আদালতে। তাকো ২ দিনৰ ভিতৰতে।
উল্লেখ্য, সংসদত সংখ্যাগৰিষ্ঠৰ সমর্থন নোপোৱাকৈয়েই নেপালত চৰকাৰ চলাইছিল কে পি শর্মা ওলিয়ে। তেওঁৰ পৰামর্শতেই পাঁচ মাহত দ্বিতীয়বাৰ সংসদৰ নিম্ন সদন ভংগ কৰে ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে। ২২ মে’ত এই পদক্ষেপ লয় ৰাষ্ট্ৰপতিয়ে। ঘোষণা কৰে, ১২ আৰু ১৯ নৱেম্বৰত দেশখনত নির্বাচন হ’ব।

ৰাষ্ট্রপতিৰ এই পদক্ষেপৰ বিৰুদ্ধে ছুপ্রিম কোর্টত প্ৰায় ৩০খন পিটিচন জমা হয়। উক্ত গোচৰৰ শুনানি শেষ হয় যোৱা সপ্তাহত। বিচাৰপীঠৰ শীর্ষত আছে প্রধান ন্যায়াধীশ চোলেন্দ্র সামশেৰ ৰাণা। সোমবাৰে উক্ত গোচৰৰ ৰায় দিয়ে বিচাৰপীঠে। ইফালে উক্ত গোচৰ চলি থাকোতেই যোৱা সোমবাৰে নেপালৰ নির্বাচন আয়োগে জনায় যে ১৫ জুলাইৰ পৰা নির্বাচনী প্রক্রিয়া আৰম্ভ হ’ব।
নেপালৰ নিম্ন সদনৰ সদস্য সংখ্যা ২৭৫। দেশখনৰ সংবিধান অনুযায়ী, ইয়াৰে ১৬৫ জন সাধাৰণ ভোটাৰৰ দ্বাৰা নিৰ্বাচিত হয়। বাকী ১১০ জন একো একোটা ভৌগোলিক অঞ্চল বা জনগোষ্ঠীৰ পৰা একো একোজনকৈ প্রতিনিধি নির্বাচিত হৈ আহে। এতিয়া লক্ষণীয় হ’ব যে শীৰ্ষ আদালতৰ নিৰ্দেশৰ পিছত দেশখনৰ নিৰ্বাচন আয়োগে কি পদক্ষেপ গ্ৰহণ কৰে৷











