![]()
নিউজ ডেস্কঃ
ডাৱৰ বিস্ফোৰণৰ ফলত বৰষুণ, তাৰ ফলত তীব্ৰ জলস্রোত। উক্ত সোঁতত উটি-ভাঁহি গ’ল পাহাৰীয়া চহৰখন। পানীৰ সোঁত এনে ধৰণে বৈছে যে চহৰখনৰ ৰাস্তাকে নদী বুলি ভুল ভাবিব পাৰে। পানীৰ সোঁতৰ তীব্রতা ইমানেই বেছি যে গাড়ীও উটি গৈছে। বাদ পৰা নাই এছইউভিৰ দৰে ডাঙৰ গাড়ীও। হিমাচল প্রদেশৰ ধর্মশালাৰ ঘটনা এয়া। তাৰ ভিডিও চাই এতিয়া বিস্মিত নেটিজেনসকল। লগতে প্রাণৰ ভয়ত স্থানীয় লোকসকল।
উল্লেখ্য, বিগত কেইটামান দিন ধৰি হিমাচল প্রদেশত তীব্র গৰম আছিল। তাৰ পিছতেই ডাৱৰ বিস্ফোৰণ হৈ হয় প্ৰবল বৃষ্টিপাত। সকলোতকৈ বেছ বৰষুণ হৈছে কাংড়া জিলাত, ধর্মশালাৰ পৰা ৫৮ কিলোমিটাৰ দূৰৈত। ইয়াৰ পিছতেই নদীত আৰম্ভ হয় তীব্ৰ জলস্রোত। গাঁও-চহৰ একাকাৰ কৰি ৰাস্তা-ঘাতেৰে বৈ যায় এই সোঁত। পর্যটন কেন্দ্র ভাগসু নাগৰ ৰাস্তাত দেখা যায় প্ৰবল ঢৌ। অঞ্চলটোৰ বহু হোটেলৰ অংশ ভাঙি পৰে। ক্ষতিগ্রস্ত হৈছে বহু ঘৰ।











