![]()
নিউজ ডেস্কঃ
অতিমাৰিৰ দ্বিতীয় ঢৌৰ মাজতেই অহা সোমবাৰ অর্থাৎ ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন। যোৱা বছৰৰ দৰে এই বছৰো কোভিড বিধি মানিয়েই অধিবেশনৰ আয়োজন কৰা হৈছে। চলিত বছৰৰ বৰ্ষাকালীন অধিবেশন চলিব অহা ১৩ আগষ্ট পর্যন্ত। শুক্রবাৰে চৰকাৰীভাবে বিবৃতি জাৰি এই কথা প্ৰকাশ কৰা হৈছে।
এই বৰ্ষাকালীন অধিবেশন সপ্তদশ লোকসভাৰ ষষ্ঠতম অধিবেশন। আনহাতে, এই অধিবেশন সংসদৰ উচ্চকক্ষ অর্থাৎ ৰাজ্যসভাৰ ২৫৪ সংখ্যক অধিবেশন হ’ব। চলিত বছৰৰ বৰ্ষাকালীন অধিবেশনত মুঠ ১৯ বাৰ বহিব লোকসভা আৰু ৰাজ্যসভা। সংবাদ সংস্থা পিটিআই সূত্র মতে, এই পর্যন্ত লোকসভাৰ ৪৪৪ জন সাংসদ আৰু ৰাজ্যসভাৰ ২১৮ জন সাংসদে টীকা লৈছে।
সূত্রৰ খবৰ মতে, ৪০খনৰো অধিক বিধেয়ক আৰু ৫খন অধ্যাদেশৰ ওপৰত আলোচনা বাকী আছে সংসদত।











