স্বাস্থ্য প্ৰতিবেদন:
স্বাস্থ্য সুৰক্ষাত মাছৰ তেলৰ বিকল্প নাই। প্রতিদিনে খাদ্য তালিকাত নিয়মিত মাছ ৰাখিব লাগে। কাৰণ প্রোটিন জাতীয় খাদ্যত মাছ অন্যতম। প্রোটিনৰ চাহিদা পূৰণৰ উপৰি অন্যান্য পুষ্টি উপাদানৰ অভাৱজনিত বিভিন্ন শাৰীৰিক সমস্যা সমাধানত মাছত যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা আছে। মাংস ৰদৰে মাছে ৰক্তৰ কোলেষ্টেৰল বৃদ্ধি নকৰে বৰং মাছৰ তেলত থকা ওমেগা-৩ ৰক্তৰ ক্ষতিকাৰক কোলেষ্টেৰল কমোৱাত সহায় কৰে।
মাছত বিভিন্ন খনিজ পদার্থৰ ভিতৰত আছে কেলসিয়াম, ফছফৰাছ, আয়ডিন, লৌহ ইত্যাদি। মাছৰ কাঁইটত আছে প্রচুৰ কেলচিয়াম। সেইবাবে সৰু মাছ কাঁইটসহ চোবাই খালে পর্যাপ্ত কেলচিয়াম পোৱা যায়। কেলচিয়ামে দাঁত আৰু হাড় গঠনত সহায় কৰে। বৰ্ধিত শিশু, গর্ভাৱস্থা, প্রসূতি আৰু চল্লিশোর্ধ বয়সত কেলচিয়ামৰ চাহিদা বহু বেছি যিটো নিয়মিত মাছ খালে পূৰণ হয়।
কেমব্রিজ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত কোৱা হৈছে, তৈলাক্ত মাছ বিশেষকৈ সামুদ্রিক মাছ এজমা প্রতিৰোধত অত্যন্ত কার্যকৰী। এইবোৰ মাছৰ তেলে বাত বিষ, অস্থিসন্ধিৰ বিষ কমোৱাত সহায় কৰে।
বিজ্ঞানীসকলে মাছৰ তেলৰ ওপৰত অধিক গৱেষণা কৰি পাইছে যে এই তেলত থকা ওমেগা-৩ উচ্চ ৰক্তচাপৰ সম্ভাৱনা কমায়, ফলত হার্টএটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও হ্রাস পায়। গতিকে দেহৰ প্রোটিনৰ চাহিদাৰ উপৰি ৰোগ প্রতিৰোধত মাছ খোৱাটো অত্যন্ত জৰুৰী।
ৰক্তচাপৰ সমস্যা কমাব পাৰে। ধমনিত ক্রমশ চর্বি জমা হ’লে ৰক্তবাহী নলী অনমনীয় হৈ পৰে। ইয়াৰ পিছত ৰক্তৰ অণুচক্রিকা ভাঙি গৈ ৰক্ত গোট মাৰিব পাৰে। যাৰ ফলত হার্টএটেক হ’ব পাৰে। নিয়মিত মাছৰ তেল খালে ধমনিত ক্রমশ জমা হৈ থকা চর্বিৰ সমস্যা কমি থাকে। ৰক্ত গোট মাৰিব নিদিয়ে।
মস্তিষ্কৰ কাম-কাজ সঠিকভাবে চলাত সহায় কৰে মাছৰ তেলে। যাৰ নেপথ্যত আছে ওমেগা থ্রি এচিড। ইয়াৰ বাবে চকুৰ স্বাস্থ্যও ভাল হ’ব। দৃষ্টিশক্তিও উন্নত হ’ব।