![]()
নিউজ ডেস্কঃ
যোগী ৰাজ্যত সাংবাদিক বধ নতুন ঘটনা নহয়। মাফিয়াগিৰিৰ কাণ্ড ফাদিল কৰি নিয়মিত হত্যাৰ বলি হ’বলগা হৈছে সাংবাদিক। মধ্যাহ্ন ভোজনৰ দুর্নীতি প্রকাশ্যে আনি জে’ললৈ গৈছে সাংবাদিক। এইবাৰ প্রকাশ্যে দিনৰ পোহৰতে এজন সাংবাদিকক মাৰধৰ৷ তাকো মাৰধৰ অন্য কোনো অপৰাধী বা ৰাজনৈতিক নেতাৰ নহয়, খোদ এজন আইএএছ বিষয়াৰ। উক্ত ভিডিও এতিয়া ভাইৰেল।
শনিবাৰে উত্তৰ প্রদেশত ব্লক পঞ্চায়ত প্রধানৰ নির্বাচন আছিল। য’ত বিপুল সংখ্যক আসনত জয়লাভ কৰিছে বিজেপি। অৱশ্যে এই বিজয়ক লৈ অভিযোগো উঠিছে যথেষ্ট। নিৰ্বাচনৰ দিনা এজন সাংবাদিকক মাৰধৰ কৰে উন্নাওৰ মুখ্য উন্নয়ন বিষয়া দিব্যাংশু পেটেলে। জানিব পৰা মতে, উক্ত বিষয়াজনে স্থানীয় কাউন্সিলৰ সদস্যসকলক অপহৰণত সহায় কৰিছিল, যাতে তেওঁলোকে ভোট দিব নোৱাৰে। উক্ত ঘটনা কেমেৰাত বন্দী কৰে সাংবাদিকজনে। সেয়ে খঙৰ কোবচ ওলোটাই সাংবাদিকজনকেই মাৰধৰ কৰে বিষয়াজনে। অৱশ্য বিষয়টি সন্দৰ্ভত মুখ খোলা নাই পেটেলে।
অৱশ্যে উন্নাও জিলাৰ দণ্ডাধীশ ৰবীন্দ্র কুমাৰে জনাইছে, সাংবাদিকজনৰ সৈতে আলোচনা হৈছে। আক্রান্ত সাংবাদিকজনৰ পৰা লিখিত অভিযোগ পাইছে। বিচাৰ স্বচ্ছ হ’ব।











