স্বাস্থ্য প্ৰতিবেদন:
ঔষধি গুণেৰে সমৃদ্ধ অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী। অমিতাই প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে কোলেষ্টেৰল নিয়ন্ত্রণ কৰে। অমিতাত প্রচুৰ পৰিমাণে ফাইবাৰ আছে যিয়ে হজম ঠিকে ৰাখে। ওজন হ্রাস কৰাৰ বাবে শ্ৰেষ্ঠ খাদ্য অমিতা, য’ত ১২০ কেলৰি আছে। অমিতাই দৃষ্টিশক্তি উন্নত কৰাৰ লগতে ঋতুস্রাবৰ বিষৰ পৰা মুক্তি দিয়ে।
ভিটামিন এ আৰু চি সমৃদ্ধ অমিতাই শৰীৰৰ পৰা বিষাক্ত পদার্থবোৰ বাহিৰ কৰি প্রতিৰোধ ক্ষমতা বঢ়ায়। ই ৰোগ আৰু সংক্রমণ দূৰৈত ৰখাত সহায় কৰে। কিন্তু অমিতাৰ পৰা কিছু ক্ষতিও হ’ব পাৰে। অমিতাৰ সৈতে কিছু বস্তু যদি খোৱা হয় তেন্তে স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।
অমিতা আৰু দৈৰ সংমিশ্রণ ভাল নহয় :
কিছু লোকে গ্রীষ্মত অমিতা আৰু দৈ দুয়োটাই খাবলৈ পছন্দ কৰে৷ কিন্তু এই দুটিৰ সংমিশ্রণে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। এই দুয়োটাৰে প্রভাৱ পৃথক। অমিতা গৰম, দৈ শীতল। ঠাণ্ডা আৰু গৰম বস্তু একেলগে খোৱাটো ঠিক নহয়।
অমিতা আৰু নেমু একেলগে খালে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে :
কিছু লোকে সোৱাদ বঢ়াবলৈ নেমু আৰু মচলা দি অমিতা খাবলৈ পছন্দ কৰে। সোৱাদ বঢ়াবলৈ নেমুৰ লগত অমিতা খালে দেহত ৰক্ত ক্ষয় হ্রাস কৰিব পাৰে। উভয়ৰ সংমিশ্রণে ৰক্তহীনতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
কমলা আৰু অমিতাৰ সংমিশ্রণ :
অমিতাৰ সৈতে কমলা খোৱাটো অতি ক্ষতিকাৰক প্রমাণিত হ’ব পাৰে। এই সংমিশ্রণটিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
বি.দ্র: গর্ভাৱস্থা হওক বা অন্য যিকোনো সময়ত, নতুন কিবা এটা ব্যৱহাৰৰ আগতে অৱশ্যেই চিকিৎসকৰ পৰামর্শ গ্ৰহণ কৰক। এই বিধান সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি লিখা।