![]()
নিউজ ডেস্কঃ
শনিবাৰে দুপৰীয়া কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হৈছে ৩ সন্ত্ৰাসবাদীৰ। অনন্তনাগৰ কাৱাৰিগ্রাম এলেকাত উক্ত সংঘৰ্ষ চলে শনিবাৰে দুপৰীয়াৰ পৰা। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত এই সাফল্য বুলি জনাইছে সেনাই।
সেনা সূত্রৰ খবৰ মতে, আগৰ পৰাই উক্ত গাঁৱত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ আছিল। গোপন সূত্রে পোৱা খবৰৰ ভিত্তিত গাঁওখনত তালাচী চলায় যৌথ বাহিনীয়ে। চাৰিওফালৰ পৰা ঘেৰাও কৰাত সন্ত্ৰাসবাদীয়ে গুলী চলাবলৈ আৰম্ভ কৰে। প্ৰত্যুত্তৰ দিয়ে সেনা আৰু আৰক্ষীৰ যৌথ বাহিনীয়ে। তাৰ পিছতেই সংঘৰ্ষত তিনি সন্ত্ৰাসবাদীৰ মৃত্যু হয়। ঘটনাত ভাৰতীয় সেনা বা আৰক্ষীৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই।
অৱশ্যে এতিয়াও মৃত সন্ত্ৰাসবাদী কেইটাৰ পৰিচয় প্রকাশ কৰা নাই সেনাবাহিনীৰ তৰফৰ পৰা। উল্লেখ্য, ইয়াৰ পূৰ্বে পুলৱামা আৰু কুলগাঁৱত ভাৰতীয় সেনাৰ সৈতে তিনিটা পৃথক সংঘৰ্ষত ৫ সন্ত্ৰাসবাদীৰ মৃত্যু হয় ২৪ ঘণ্টাৰ ব্যৱধানত।











