![]()
নিউজ ডেস্কঃ
১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস। উক্ত দিনাই ৰাজ্যৰ বাবে জন্য নতুন জনসংখ্যা নীতি ঘোষণা কৰা হ’ব বুলি জনালে উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে। প্রশাসনৰ সূত্রৰ খবৰ মতে, এই নতুন নীতিৰ ম্যাদ ২০২১ৰ পৰা ২০৩০ চন পর্যন্ত। ইয়াকে লৈ বিৰোধীৰ কটাক্ষ, অহা বছৰ যিহেতু ৰাজ্যত বিধানসভা নির্বাচন, সেয়ে ইমান দীর্ঘম্যাদী নীতিৰ পৰিকল্পনা আচলতে ‘যোগী চৰকাৰৰ অতিৰিক্ত আত্মবিশ্বাসৰেই প্রতিফলন’।
উত্তৰ প্রদেশ চৰকাৰৰ উক্ত পৰিকল্পিত নীতি অনুযায়ী, যিসকলে জনসংখ্যা নিয়ন্ত্রণত সহায় কৰিব তেওঁলোকে বিশেষ সুবিধা পাব। লগতে গর্ভনিৰোধক ব্যৱস্থা অধিক সহজলভ্য কৰা আৰু গর্ভপাতৰ বাবে নিৰাপদ আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশতো নজৰ দিয়া হ’ব বুলি প্রশাসন সূত্রৰ খবৰ। তাৰ উপৰি বয়স্কসকলৰ সেৱা-শুশ্রূষা আৰু ১১-১৯ বছৰীয়াসকলৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ ব্যৱস্থা নিশ্চিত কৰাও এই নীতিৰ অন্যতম মূল স্তম্ভ বুলি জনোৱা হৈছে।
দেওবাৰে চৰকাৰীভাবে এই নীতি প্রকাশ কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে। তাৰ পূৰ্বে বৃহস্পতিবাৰে এই নীতিৰ বিস্তাৰিত পর্যালোচনাৰ পিছত তেওঁৰ মন্তব্য, ‘‘দাৰিদ্র্য আৰু অশিক্ষাই জনসংখ্যা বৃদ্ধিৰ অন্যতম মূল কাৰণ। বিশেষকৈ কিছু কিছু সম্প্রদায়ৰ ক্ষেত্রত এই বিষয়ত বিপুলভাবে সচেতনতাৰ অভাৱ আছে। যিটো কাৰণত সম্প্রদায়-ভিত্তিক সচেতনতা গঢ়ি তোলাৰ দিশতেই বিশেষকৈ নজৰ দিয়াৰ প্রয়োজন।’’











