![]()
নিউজ ডেস্কঃ
পুনৰ দলিতৰ ওপৰত অত্যাচাৰ। ঘটনাস্থলী উত্তৰ প্রদেশৰ কানপুৰ দেহাত জিলাৰ আকবৰপুৰ এলেকা। ঘটনাটি ঘটে দুদিন পূৰ্বে। ২০ বছৰীয়া দলিত যুৱকজনক নির্মমভাবে মাৰধৰ কৰা হয়। ঘোঁচা, লাথিৰ লগতে লাঠিৰেও কোবোৱা হয়।
আৰক্ষী সূত্রে জানিব পৰা মতে, যুৱকজনে উক্ত গাঁৱৰ তেওঁৰ প্রেমিকাৰ সৈতে গোপনে দেখা কৰিবলৈ যায়। তেতিয়াই প্রেমিকাৰ ঘৰৰ মানুহ আৰু গাঁওবাসীয়ে তেওঁক ধৰে। ইয়াৰ পিছত কৰে নিৰ্মমভাৱে মাৰধৰ। মাৰধৰৰ কেইবাটাও ভিডিও ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ইতিমধ্যে ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এজনক গ্রেপ্তাৰ কৰিছে। বাকী অভিযুক্তসকলৰ সন্ধান চলিছে। জানিব পৰা মতে, দলিত যুৱকজনক তেওঁৰ জাত সম্পর্কে সোধাপোছা কৰিছিল অভিযুক্ত কেইজনে। যুৱকজনে এটি বিশেষ জাতিৰ নাম কোৱাৰ পিছত মাৰধৰ আৰু বাঢ়ে। ভাইৰেল হোৱা এটি ভিডিওত দেখা গৈছে, বগা পেণ্ট পৰিহিত যুৱকজনক এডাল গছত বান্ধি ৰখা হৈছে। ইয়াৰ পিছত নিম্নাঙ্গৰ পোছাক তললৈ নমাই তেওঁৰ গোপনাঙ্গত আঘাত কৰা হৈছে। দীর্ঘ সময় মাৰধৰৰ পিছত যুৱকজনৰ কাতৰ আবেদনত এৰি দিয়া হয়। ঘৰলৈ উভতাৰ পিছত যুৱকজনক কানপুৰৰ এখন হস্পিটেলত ভর্তি কৰোৱা হয়।











