![]()
নিউজ ডেস্কঃ
টীকা ল’লে শিক্ষক-শিক্ষাৰ্থীয়ে স্কুলত মাস্ক পিন্ধাৰ কোনো প্রয়োজন নাই। এই নির্দেশনা জাৰি কৰিছে আমেৰিকাৰ ‘ৰোগ নিয়ন্ত্রণ আৰু নিৰাময় সংস্থা’ (চেণ্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচন’ বা চিডিচি)ই। শুক্রবাৰৰ উক্ত নির্দেশনাত টীকাকৰণৰ পিছত কি কি নিয়ম মানি চলিব লাগিব সেয়াও কোৱা হৈছে।
উল্লেখ্য, আমেৰিকাত আৰম্ভ হৈ গৈছে ১২ বছৰ আৰু তাৰ বেছি বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীৰ কৰোনা টীকা কাৰ্যসূচী। তাৰ মাজতে নতুন নির্দেশনা প্রকাশ কৰি চিডিচিয়ে জনাইছে, ‘যিসকল শিক্ষাৰ্থী আৰু শিক্ষকে কোভিড–১৯ টীকা লৈছে, তেওঁলোকে আৰু স্কুল চৌহদত মাস্ক পিন্ধাৰ প্রয়োজন নাই।’
অৱশ্যে কোনো স্কুল কর্তৃপক্ষক শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে টীকাকৰণৰ ব্যৱস্থা কৰাৰ পৰামর্শ দিয়া নাই চিডিচিয়ে। কেনেদৰে টীকা লোৱা-নোলোনা শিশুসকলক চিনাক্ত কৰি পৃথকভাবে নিয়ন্ত্রণ কৰিব লাগিব, সেই বিষয়েও একো কোৱা হোৱা নাই। আনহাতে, ইয়াৰ পূৰ্বৰ এক নির্দেশনাত চিডিচিয়ে জনাইছিল যে যিসকলে দুটি কৰোনা টীকা লৈছে, তেওঁলোকে মাস্ক অবিহনেও ৰাস্তাত ওলাব পাৰিব।











