![]()
ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং জিলাৰ বৰলাংফেৰ থানাৰ অন্তৰ্গত খংগেৰ বস্তিৰ ঠাকুৰ মন্দিৰত আজি পুৱাৰ ভাগত এক অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি পুৱা প্ৰায় ৯ বজাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। প্ৰায় ৭০ বছৰীয়া পুৰুষৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
ইয়াৰোপৰি মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত সংৰক্ষিত কৰি ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এই সন্দৰ্ভত বৰলাংফেৰ থানাত ১৮৩/২০২১ নম্বৰণ সাধাৰণ দৈনিক পঞ্জীত দৰজ দি ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷











