![]()
নিউজ ডেস্কঃ
দেওবাৰে অনুষ্ঠিত হ’ব তীব্ৰ উত্তেজনাপূৰ্ণ ইউৰো কাপৰ ফাইনেল৷ ইউৰো কাপৰ ফাইনালত ইংলেণ্ড বনাম ইটালিৰ মেচ ষ্টেডিয়ামত বহি উপভোগ কৰিবলৈ হ’লে খৰচ কৰিব লাগিব প্রায় ৪৮ লাখ টকা! বৃহস্পতিবাৰলৈ এই মূল্য উঠিল কিছু টিকটৰ।
হেৰি কেন বাহিনীক চোৱাৰ বাবে বিপুল পৰিমাণৰ ধন খৰচ কৰিবলৈ ৰাজী ইংৰাজসকল। ইণ্টাৰনেটত টিকটৰ এই আকাশলংঘী মূল্য উঠিল। ইউৰো কাপৰ ছেমি ফাইনালত ডেনমার্কৰ বিৰুদ্ধে ২-১ ব্যৱধানত বিজয়ৰ পিছত হেৰি কেন বাহিনীক লৈ বিপুল প্রত্যাশা দেশজুৰি। সকলোৱেই বিচাৰিছে ষ্টেডিয়ামত বহি দলৰ বিজয়ৰ সাক্ষী হোৱাৰ। তাৰ পৰাই টিকটৰ এনে বৰ্ধিত মূল্য।
বিগত সপ্তাহতেই উয়েফাৰ ছাইটত থকা সকলো টিকট বিক্রী হৈ যায়। অন্য ক’ৰবাত আৰু টিকট থকা বুলিও জনা নাযায়। এনে অৱস্থাত কিছু টিকটৰ সন্ধান পোৱা যায় যিবোৰ পূৰ্বে ক্ৰয় কৰাসকলে বিক্রী কৰিবলৈ ইচ্ছুক। ইণ্টাৰনেটৰ জৰিয়তেই সেইবোৰ বিক্রী কৰিব বিচাৰিছে তেওঁলোকে। কিছু টিকটৰ দাম আছিল ২৬ হাজাৰ টকা। এতিয়া সেইবোৰৰেই মূল্য উঠে প্রায় ৪৮ লক্ষ টকালৈ।
লাইভ ফুটবল টিকট নামৰ এক ৱেবছাইটত টিকটৰ মূল্য দেখা যায় ৩৫ লক্ষ ৩১ হাজাৰ টকা। অৱশ্যে তাৰ মাজত বহুখিনি নকল টিকটো বিক্রী হোৱাৰ সন্দেহ কৰিছে উয়েফাই। ইয়াৰ ফলত ইণ্টাৰনেটৰ জৰিয়তে ক্ৰয় কৰা টিকটৰ ওপৰত নজৰ ৰাখিছে তেওঁলোকে। নকল টিকট হ’লে ইমান দামেৰে কিনিলেও ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিব দর্শক।
দেওবাৰে ৱেম্বলি ষ্টেডিয়ামত ৬৭,৫০০ দর্শক উপস্থিত হোৱাৰ অনুমান কৰা হৈছে। ষ্টেডিয়ামত ৯০ হাজাৰ দর্শকৰ আসনৰ ব্যৱস্থা থাকিলেও চৰকাৰে অনুমতি দিয়া নাই।













