![]()
নিউজ ডেস্কঃ
কেন্দ্রৰ নতুন তথ্য-প্রযুক্তি আইন কার্যকৰীৰ ক্ষেত্রত টিভি চেনেলবোৰক সম্প্ৰতি ৰেহাই দিয়াৰ নির্দেশ দিলে কেৰালা হাইকোর্টে। টিভি চেনেলবোৰৰ সংগঠন ‘নিউজ ব্রডকাষ্টাৰ্ছ এছোচিয়েচন’ (এনবিএ)ৰ আবেদন মানি এই নির্দেশ দিয়া হৈছে। এনবিএৰ তৰফৰ পৰা শুক্রবাৰে এক বিবৃতিত কোৱা হৈছে, ‘সংশোধিত তথ্য-প্রযুক্তি আইনত সংবাদ মাধ্যমৰ মত প্রকাশৰ অধিকাৰ খর্ব কৰা হৈছে। সংবাদ মাধ্যমক নিয়ন্ত্রণৰ বাবে চৰকাৰী সংস্থাগুবোৰক অতিৰিক্ত ক্ষমতা দিয়া হৈছে।’ নতুন তথ্য-প্রযুক্তি আইন সংবিধানৰ ১৯(১)ত ধাৰাত বর্ণিত সংবাদ মাধ্যমৰ মত প্রকাশৰ স্বাধীনতাৰ পৰিপন্থী বুলিও অভিযোগ কৰিছে এনবিএই।
ইতিমধ্যে টুইটাৰসহ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফর্ম নৰেন্দ্র মোদী চৰকাৰৰ নতুন তথ্য-প্রযুক্তি আইনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। এই বিষয়ত কেন্দ্রৰ পৰা ছুপ্রিম কোর্টত এখন আবেদন জনাই কোৱা হৈছে, নতুন তথ্য-প্রযুক্তি আইনৰ বিৰুদ্ধে দাখিল কৰা সকলো গোচৰৰ শুনানি একেলগে কৰা হওক শীর্ষ আদালতত। অহা ১৬ জুলাইত ছুপ্রিম কোর্টত উক্ত আবেদনৰ শুনানি হ’ব।











