![]()
নিউজ ডেস্কঃ
ৱাটছএপৰ নতুন প্রাইভেচী পলিচি অৰ্থাৎ গোপনীয়তা নীতি সন্দৰ্ভত নানা বিতর্ক চলি আছে বিগত কেইমাহমান ধৰি। তাৰ মাজতে শুক্রবাৰে দিল্লী হাইকোর্টত সকলো চৰ্চাৰ অৱসান ঘটাই ৱাটছএপ কর্তৃপক্ষই স্পষ্টকৈ জনাই দিছে, তেওঁলোকে কাকো উক্ত পলিচি মানিবলৈ বাধ্য নকৰে, ভাৰতত তথ্য গোপনীয়তা আইন বলৱৎ নোহোৱা পর্যন্ত। এই মুহূর্তত তেওঁলোকে স্বেচ্ছাই স্থগিত ৰাখিছে উক্ত নীতি।
উল্লেখ্য, ৱাটছএপৰ বিতর্কিত নীতি সন্দৰ্ভত তদন্তৰ নির্দেশ দিছিল কম্পিটিছন কমিছন অব ইণ্ডিয়াই। এই সিদ্ধান্তৰ বিৰুদ্ধেই আদালতৰ দ্বাৰস্থ হৈছিল ফেচবুক আৰু ৱাটছএপ। আদালতে অৱশ্যে ৱাটছএপৰ আবেদন খাৰিজ কৰিছিল। তেওঁলোকক কোনো অন্তর্বর্তী সুৰক্ষাও দিয়া হোৱা নাই। আজি দিল্লী হাইকোর্টত ৱাটছএপে জনাইছে, উক্ত নতুন নীতি নামানিলেও তেওঁলোকে কোনো ইউজাৰৰ পৰিসেৱা বন্ধ নকৰে।











