![]()
নিউজ ডেস্কঃ
কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদী নিৰ্মূলত পুনৰ বৃহৎ সাফল্য ভাৰতীয় সেনাৰ। বৃহস্পতিবাৰে তিনিটা স্থানত সেনা–সন্ত্ৰাসবাদীৰ সংঘর্ষত নিহত হয় ৬ সন্ত্ৰাসবাদী। ইয়াৰ ভিতৰত চাৰিজন স্থানীয় আৰু দুজন পাক সন্ত্ৰাসবাদীও আছে। অৱশ্যে এই সংঘৰ্ষত ছহিদ হয় দুই ভাৰতীয় জোৱানো। পুনৰ শুক্রবাৰে পুৱাও কুলগাম উত্তপ্ত হয় সেনা–সন্ত্ৰাসবাদীৰ সংঘর্ষত।
জানিব পৰা মতে, জম্মু–কাশ্মীৰৰ ৰাজৌৰি ছেক্টৰ, পুলৱামা আৰু কুলগাম– এই তিনি স্থানত সেনাৰ সৈতে সন্ত্ৰাসবাদীৰ গুলীয়াগুলী হয়। ইয়াৰ মাজতে ৰাজৌৰিত একেবাৰে নিয়নত্ৰণ ৰেখাৰ কাষতেই পাক সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে ভাৰতীয় জোৱানসকলে। সেনা সূত্রে খবৰ, সীমান্তত অনুপ্রবেশৰ খবৰ লাভ কৰিয়ে জোৱানসকলৰ এটি অনুসন্ধানকাৰী দলে উক্ত এলেকাত টহল দিয়াৰ সময়তেই সন্ত্ৰাবাদীয়ে ধাৰাসাৰে গুলী চলাবলৈ আৰম্ভ কৰে। গ্রেনেডো নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে। নিৰাপত্তাবাহিনীৰ প্ৰত্যুত্তৰত তাতেই নিহত হয় দুই পাকিস্তানী সন্ত্ৰাসবাদী।
অৱশ্যে তাৰ মাজতে ছহিদ হয় দুগৰাকী ভাৰতীয় জোৱানো। তেওঁলোক হৈছে নায়ক চুবেদাৰ শ্রীজীথ এম আৰু ছেপাই মাৰুপ্রলু যশৱন্ত ৰেড্ডি। দুই সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা হোৱা নাই। উগ্ৰপন্থী দুটাৰ পৰা দুটি একে–৪৭ বন্দুক, প্রচুৰ পৰিমাণৰ গুলী উদ্ধাৰ হৈছে। তাৰ পূৰ্বে কাশ্মীৰৰ পুলৱামা আৰু কুলগামত সেনা–সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় চাৰি লস্কৰ সন্ত্ৰাসবাদী।











