![]()
নিউজ ডেস্কঃ
বাংলাদেশৰ এটি ফলৰ ৰস তৈয়াৰ কৰা কাৰখানাত হোৱা অগ্নিকাণ্ডত অতিকমেও ৫২ জনৰ মৃত্যু হৈছে। নাৰায়ণগঞ্জৰ ৰূপগঞ্জৰ উক্ত কাৰাখানাটোত বৃহস্পতিবাৰে বিয়লি ৫ বজাত জুই লাগে। ৬ মহলীয়া কাৰাখানাটোত প্রথমে ভূমি মহলাত জুই লগা বুলি প্রাথমিক তদন্তত অনুমান কৰা হৈছে। পিছত সেই জুই দ্রুততাৰে বিয়পি পৰে কাৰখানাটোৰ অন্য মহলালৈও।
ঢাকাৰ এক সংবাদ সংস্থাৰ খবৰ মতে, ছাজেন ফ্রুইট জুইচ তৈয়াৰ কৰা এই কাৰখানাটি হাচেম ফুড এণ্ড বেভাৰেজ লিমিটেডৰ। বৃহস্পতিবাৰে জুই লগাৰ পিছত শুক্রবাৰে দুপৰীয়া পর্যন্ত তাৰ পৰা ৪৯ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নাম প্রকাশত অনিচ্ছুক এজন অগ্নিনিৰ্বাপক বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, ছয় মহলীয়া কাৰখানাটিত প্রাথমিক উদ্ধাৰকাৰ্য চলাই পঞ্চাছৰো অধিক মৃতদেহৰ সন্ধান পোৱা গৈছে। পিছত এই সংখ্যা আৰু বাঢ়িব পাৰে।

অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, কাৰখানাটিৰ ভিতৰত প্রচুৰ পৰিমাণৰ প্লাষ্টিকৰ বটল, ৰাসায়নিক পদার্থ আৰু অন্যান্য দাহ্য বস্তু মজুত কৰা আছিল। তাৰ ফলতেই জুই দ্রুততাৰে বিয়পি পৰে। অৱশ্যে ক’ৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল সেয়া স্পষ্ট নহয়। বৰ্তমানলৈকে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷











