স্বাস্থ্য প্ৰতিবেদন:
বৰ্তমান কঁঠালৰ বতৰ। সুস্বাদু এই ফলবিধৰ আছে বহু পুষ্টি গুণ। কঁঠালত ভিটামিন চি, এ, থায়ামিন, ৰিবোফ্লোবিন, কেলচিয়াম, পটাছিয়াম, আয়ৰন, জিংক, ছডিয়াম, ফলিক এচিড থাকে।
ইয়াৰ উপৰি কঁঠালত মিনাৰেল, ফাইবাৰ, প্রোটিন থাকে। ইয়াত ফেট আৰু ক্ষতিকাৰক কলেষ্টেৰলো নাই।
ই এন্টি বেক্টেৰিয়েল আৰু এন্টি ভাইৰেল। সেই কাৰণে ই ৰোগ প্রতিৰাধ ক্ষমতা বঢ়ায়, যিটো এই কৰোনাকালত অত্যন্ত জৰুৰী। যথেষ্ট পুষ্টি গুণ সম্পন্ন এই ফলবিধে আমাক বিভিন্ন অসুখ-বিসুখৰ পৰাও ৰক্ষা কৰে।
কঁঠালত প্রচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু ফাইটোনিউট্রিয়েন্ট আছে। ইয়াৰ উপৰি ইয়াত ভিটামিন চি বেছি থকাত ফলবিধে হাওঁফাওঁ কেন্সাৰ, ব্রেস্ট কেন্সাৰ, গেস্ট্রিক কেন্সাৰ, স্কিন কেন্সাৰ আৰু প্রোষ্টেট কেন্সাৰৰ দৰে বিভিন্ন কেন্সাৰ প্রতিৰোধ কৰে।
ওজন কমায়
কঁঠালত ফেট নথকাত আৰু কেলৰি কম থকাত এই ফল খালে ওজন কমে আৰু নিয়ন্ত্রণত থাকে।
ৰক্তচাপ কমায়
কঁঠালত পটাছিয়াম বেছি থকাত ৰক্তচাপ কমায়, ইয়াৰ ফলত হৃদৰোগ, স্ট্রোকৰ দৰে ৰোগ প্রতিৰোধ হয়।
হজম শক্তি বৃদ্ধি কৰে
কঁঠালত ফাইবাৰ বা আঁহ বেছি থকাত হজম শক্তি বঢ়ায়। পৰিমাণত বেছি খালেও পাকস্থলীত বিৰূপ প্রভাৱ নেপেলায়। ইয়াৰ উপৰি কঁঠালে শৰীৰৰ পৰা ক্ষতিকৰ উপাদান বাহিৰ কৰি কোলন সুস্থ ৰাখে।
ইনছোমনিয়া দূৰ কৰে
বহুতেই ইনছোমনিয়া অর্থাৎ টোপনিৰ ব্যাঘাতত ভোগে। তেওঁলোকৰ বাবে কঁঠাল যথেষ্ট উপকাৰী। ইয়াত মেগনেছিয়াম আৰু আয়ৰন বেছি থকাত ফলবিধ খালে টোপনি ভাল হয়।
ডায়েবেটিছৰ বাবে ক্ষতিকাৰক নহয় যদিও কঁঠাল খাবলৈ অতি মিঠা, কিন্তু তাৰ পৰা অতি লাহে লাহে ৰক্তত ছুগাৰ শোষণ হয়। সেই কাৰণে ডায়েবেটিক ৰোগীসকলৰ বাবে কঁঠাল ক্ষতিকাৰক নহয়।
চকু আৰু ছালৰ বাবে উপকাৰী
কঁঠালত ভিটামিন এ বেছি থকাত দৃষ্টিশক্তি বৃদ্ধি কৰে। ইয়াৰ উপৰি দৃষ্টিশক্তি কমি যোৱা আৰু চকুত ছানি পৰা ৰোগৰ পৰা ৰক্ষা কৰে। বয়স বৃদ্ধিৰ কাৰণে ছাল কোঁচ খোৱা সমস্যা দূৰ কৰে কঁঠালে। ৰ’দত পুৰি যোৱা ছাল ভাল কৰে।
আলচাৰ প্রতিৰোধ কৰে
আলচাৰৰ দৰে পেটৰ সমস্যাৰ বাবে যিসকলে ঔষধ সেৱন কৰে, তেওঁলোকে সেইবোৰ ঔষুধৰ পার্শ্বপ্রতিক্রিয়াতো ভোগে। এইক্ষেত্রত আলচাৰ প্রতিৰোধৰ সকলোতকৈ ভাল প্রাকৃতিক উপায় হ’ল কঁঠাল খোৱাটো। কাৰণ ইয়াত এন্টি আলচাৰেটিভ, এন্টিছেপটিক, এন্টি ইনফ্লেমেটৰি আৰু এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে।
হাড়ৰ যত্নত
কঁঠাল যিহেতু পর্যাপ্ত কেলছিয়াম থাকে, সেয়ে হাড়ৰ যত্নত এই ফল যথেষ্ট উপকাৰী। ইয়াত ভিটামিন চি আৰু মেগনেছিয়াম থকাত শৰীৰত কেলছিয়াম শোষণত ভাল ভূমিকা পালন কৰে।
মস্তিষ্কৰ বাবে উপকাৰী
স্নায়ুতন্ত্ৰৰ সমস্যাত ক্লান্তি, মানসিক চাপ আৰু মাংসপেশী বিষৰ দৰে উপসর্গই দেখা দিলে নিয়মিত কঁঠাল খাওক। ইয়াত থকা থিয়ামিন আৰু নিয়াছিন মস্তিষ্কৰ বাবে যথেষ্ট উপকাৰী।
গৱেষকসকলে এতিয়াও কঁঠালৰ উপকাৰিতা সন্দৰ্ভত গৱেষণা চলায়ে আছে।