![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সপোনত দেখিছিল ইউটিউব। আৰু সেই সপোন বাস্তৱ কৰিলে ইউটিউবেই। ভিডিঅ নিৰ্মাণ কৰি এতিয়া লাখ লাখ টকাৰ মালিক ওড়িশাৰ এজন দিনমজদুৰ।
ওড়িশাৰ চম্বলপুৰ জিলাৰ বাসিন্দা ইশক মুণ্ডা। ২০২০ পর্যন্ত পেছাত আছিল দিনমজদুৰ। কিন্তু সকলো সময়তে ইউটিউব চাই ভাল পাইছিল। বহু মানুহৰ ব্লগ চাইছিল। মূলত ফুড ব্লগাৰসকলক দেখিয়েই হঠাৎ ইউটিউব ভিডিও নিৰ্মাণৰ সিদ্ধান্ত লয় ইশকে। কিন্তু ভিডিও ৰেকর্ডিঙৰ বাবে নূন্যতম যি ফোনৰ প্রয়োজন সেয়াও নাছিল ইশক মুণ্ডাৰ ওচৰত। উপায় কি? ইশকে জনোৱা মতে, ৩০০০ টকা ধাৰে লৈ এটি ফোন কিনে তেওঁ। ইয়াৰ পিছতেই উক্ত ফোনেৰেই নিজৰ দাৰিদ্র্যৰে ভৰা জৰাজীর্ণ জীৱন-যাত্রাৰ ছবি দাঙি ধৰিবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, প্রতিদিনে ঘৰত যি খাইছ্ল, সেয়াও দাঙি ধৰিছিল সকলোৰে সন্মুখত। কম দিনতেই সেয়াই বহু মানুহৰ পছন্দৰ তালিকাত স্থান পায়। বৃদ্ধি হৈ থাকে ইশকৰ ছাবস্ক্রাইবাৰৰ সংখ্যা।
ইশক মুণ্ডাই জনাইছে, ২০২০ চনৰ আগষ্টত ইউটিউবৰ পৰা ৫ লক্ষ টকা উপার্জন কৰিছিল তেওঁ। ভিডিও নিৰ্মাণ কৰি পোৱা টকাৰেই ঘৰো নিৰ্মাণ কৰিছে ইশকে। গুচিছে অভাৱো। বর্তমান ৭ লাখৰো অধিক ছাবস্ক্রাইবাৰ তেওঁৰ। উপাৰ্জনো হৈছে ভালেই। অৱশ্যে কেৱল উপার্জনেই লক্ষ্য নহয় ইশকৰ। তেওঁ জনাইছে, ভিডিওৰ জৰিয়তেই সাধাৰণ মানুহৰ সচেতনতাৰ বার্তা দিবলৈ বিচাৰে তেওঁ। সদায় সাহায্য কৰিব বিচাৰে দৰিদ্রসকলক।











