![]()
নিউজ ডেস্কঃ
ফুচকা খাই আপুনি মই বা আন বহুতেই ভালপাওঁ৷ তাৰ বাবে ৰাস্তাৰ কাষত দীঘলীয়া শাৰীও পাতো৷ কিন্তু এগৰাকী যুৱতীয়ে এই ফুচকা প্রেম চূড়ান্ত পর্যায়লৈ লৈ গ’ল। নিজৰ বিয়াত তেওঁ ফুচকাৰ মুকুট আৰু মালাও পিন্ধিলে।
নেট মাধ্যমত ভাইৰেল হোৱা এটি ভিডিওত অক্ষৰা নামৰ উক্ত যুৱতীগৰাকীয়ে বিয়াৰ আ-অলংকাৰৰ লগতে ফুচকাৰ মুকুট আৰু মালাও পিন্ধা দেখা গৈছে। কেৱল সেয়াই নহয়, নিজৰ বিয়াত খাদ্য তালিকাতো তেওঁ ফুচকা ৰাখে। তেওঁৰ থালত অন্য খাদ্যৰ লগত আছিল ফুচকাও। খাবলৈ বহাৰ পিছত ঘৰৰ এজন সদস্যই আহি তেওঁৰ মূৰত ফুচকাৰ মুকুট পিন্ধাই দিয়ে।
ভিডিওটি নেট মাধ্যমত ভাইৰেল হোৱাৰ পিছত বহু নেটিজেনে শ্বেয়াৰ কৰিছে। ভিডিওটিৰ ভিউ কেইবা হাজাৰ হৈছে। কেৱল সেয়াই নহয়, বহুতেই নিজৰ বিয়াত ফুচকাৰ মুকুট পিন্ধিব বুলিও জনাইছে।











