![]()
নিউজ ডেস্কঃ
হর্ষ বর্ধনৰ স্থানত দেশৰ নতুন স্বাস্থ্যমন্ত্রী হৈছে মনসুখ মাণ্ডবীয়। ৪৯ বছৰীয়া গুজৰাটৰ এইগৰাকী ৰাজ্যসভাৰ সাংসদ মন্ত্রীসভাত স্থান পোৱাৰ পিছৰ পৰাই ট্রোলড হৈছিল। বহু পুৰণি এটি টুইটত ভুল ইংৰাজী লিখিছিল মাণ্ডবীয়ই। তাকেই দাঙি ধৰি চলিছিল ট্রোলিং। অৱশ্যে উক্ত ট্রোলৰ উত্তৰো দিছে নেটিজেনসকলেই। আনকি ভুল ইংৰাজীক লৈ বিজেপি নেতাক উপহাস কৰাৰ প্রতিবাদ কৰিছে বিৰোধী দলৰ নেতাসকলেও।
২০১৩ চনৰ ২৩ আগষ্টত মাণ্ডবীয়ই টুইট কৰি লিখে, ‘মহাত্মা গান্ধীজি ইজ আৱাৰ নেচন অব ফাদাৰ।’ অৰ্থাৎ মহাত্মা গান্ধী আমাৰ জনকৰ জাতি। হ’ব লাগিছিল মহাত্মা গান্ধী আমাৰ জাতিৰ জনক। ইংৰাজীত ‘ফাদাৰ’ আৰু ‘নেচন’ শব্দ দুটা ভুল স্থানত প্ৰয়োগ হৈছিল বিজেপি নেতাজনৰ। তাকে লৈ নেটিজেনসকলৰ ট্রোলত বিৰক্ত প্ৰখ্যাত ৰাজনৈতিক বিশ্লেষক, নিবন্ধকাৰ, সমাজকর্মী তেহচিন পুনাৱালা। তেওঁ লিখিছে, ‘দেখি বেয়া লাগিছে, মনসুখ মাণ্ডবীয়জিৰ ইংৰাজীত অদক্ষতাৰ বাবে তেওঁক ট্রোল কৰা হৈছে। তেওঁৰ কামৰ হিচাবত আৰু মন্ত্রালয়ৰ হিচাবত সমালোচনা কৰা হওক।’
ট্রোলিঙৰ গৰিহণা দিছে শিৱসেনা নেত্রী তথা ৰাজ্যসভাৰ সাংসদ প্রিয়ঙ্কা চতুর্বেদীয়েও। তেওঁ কৈছে, ‘যদি কোনো মন্ত্রীক তেওঁৰ কাম বাদ দি ইংৰাজীত দক্ষতাৰ বাবে ট্রোল কৰা হয়, তাত ট্রোলকাৰীৰ অগভীৰতাই প্রমাণ হয়।’











