![]()
নিউজ ডেস্কঃ
বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন্ত্ৰীসভাৰ সালসলনি ঘটোৱা হয়৷ মোদীৰ নতুন মন্ত্ৰীসভাত ১১ গৰাকী মহিলা মন্ত্ৰীয়ে স্থানলাভ কৰিছে৷ ইয়াৰে আকৌ ৭ গৰাকী নতুন মুখ। ২০০৪ চনৰ মনমোহন চৰকাৰৰ পিছত এয়াই হৈছে কোনো কেন্দ্রীয় মন্ত্ৰীসভাত ইমান কেইগৰাকী মহিলাৰ মন্ত্ৰিত্ব লাভ। মনমোহন চৰকাৰৰ মন্ত্ৰীসভাত ১০ গৰাকী মহিলা মন্ত্রী আছিল। মোদী মন্ত্ৰীসভাত স্থানলাভ কৰা মহিলা মন্ত্ৰীসকল হৈছে :

নিৰ্মলা সীতাৰমণ : কেন্দ্ৰীয় বিত্তমন্ত্ৰী
স্মৃতি ইৰানি : কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী
সাধ্বী নিৰঞ্জন জ্যোতি : উপভোক্তা, খাদ্য আৰু জন বিতৰণ, গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী
ৰেণুকা সিং সাৰুতা : আদিবাসী উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী
অনুপৰ্ণা দেৱী : শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী
অনুপ্রিয়া পেটেল : কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্রী।
শোভা কাৰান্দলাজ : কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী।
মীনাক্ষী লেখি : বিদেশ মন্ত্ৰালয় আৰু কেন্দ্রীয় সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্রী।
দর্শনা জাৰ্ডোছ : কেন্দ্রীয় বস্ত্র আৰু ৰে’ল ৰাজ্যিক মন্ত্ৰী।
প্রতিমা ভৌমিক : সামাজিক ন্যায় বিচাৰ আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্রী।
ভাৰতী পাৱাৰ : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী।











