![]()
নিউজ ডেস্কঃ
কোভিডত মৃতকৰ পৰিয়ালৰ বাবে বৃহৎ আর্থিক সাহায্যৰ ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। মঙ্গলবাৰে দিল্লী চৰকাৰে এটি সামাজিক নিৰাপত্তা প্রকল্প আৰু এটি পৰ্টেল আৰম্ভ কৰে। সংবাদ মাধ্যমক কেজৰিৱালে জনায়, ‘মুখ্যমন্ত্রী কোভিড-১৯ পৰিয়াল আর্থিক সহায়তা যোজনা’ৰ অধীনত কোভিডত মৃতকৰ পৰিয়ালক এককালীন ৫০,০০০ টকাকৈ দিয়া হ’ব। যদি মৃত্যু উপার্জনকাৰী সদস্যৰ হয়, তেন্তে প্রতি মাহত ২৫০০ টকাকৈ দিব ৰাজ্য চৰকাৰে।
দিল্লীৰ মুখ্যমন্ত্রীয়ে লগতে জনায় যে এই প্রকল্পৰ অধীনত উপকৃত হ’ব শিশুসকলো। যিসকল শিশুৰ পিতৃ-মাতৃ দুয়োজনেই বা এজনৰ কোভিডত মৃত্যু হৈছে, তেওঁলোকক ২৫ বছৰ বয়স পর্যন্ত প্রতি মাহত ২৫০০ টকাকৈ দিয়া হ’ব। অনাথ শিশুসকলৰ পঢ়া-শুনাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰিব বুলি জনোৱা হৈছে।










