![]()
নিউজ ডেস্কঃ
২৮ জন যাত্ৰীৰ সৈতে সন্ধানহীন হ’ল ৰাছিয়াৰ এখন যাত্রীবাহী বিমান। ইয়াৰ ভিতৰত ২২ জন যাত্রী আৰু ৬ জন ক্রু মেম্বাৰ। ২২ জন যাত্রীৰ ভিতৰত দুজন শিশু থকা বুলিও খবৰ। ৰাছিয়াৰ সংবাদ সংস্থা তাছৰ সূত্র মতে, এন-২৬ নামৰ বিমানখনে মঙ্গলবাৰে পেট্রলপাভলোভস্ক-কামচাটস্কিৰ পালানালৈ গৈছিল। তাত অৱতৰণৰ ১০ কিলোমিটাৰ পূৰ্বে এয়াৰে ট্ৰেফিক কন্ট্রোলৰ সৈতে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ যায়। আনকি ৰাডাৰৰ জৰিয়তেও ইয়াৰ সন্ধান পোৱা হোৱা নাই।
বিমানখন কামচাটকা এভিয়েচন এন্টাৰপ্রাইজৰ বুলি জানিব পৰা গৈছে। ১৯৮২ চনৰ পৰা এই বিমান কোম্পানীটোৱে সেৱা আগবঢ়াই আছে। কোম্পানীটোৰ সঞ্চালক আলেক্সিয়ে জনোৱা মতে, বিমানখন প্রযুক্তিগতভাবে যথেষ্ট শক্তিশালী আছিল।
পিছে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে নেকি তাক লৈ এতিয়াও কোনো স্পষ্ট ধাৰণা কৰিব পৰা যোৱা নাই। এটি সূত্রৰ দাবী মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ সমুদ্রত পৰিছে। আন এক সূত্রৰ দাবী, পালানা চহৰৰ কয়লা খনিৰ ওচৰত এইখন দুৰ্ঘটনাত পতিত হৈছে। প্রশাসনে ইতিমধ্যে বিমানখনৰ সন্ধান আৰম্ভ কৰিছে। দুখন হেলিকপ্টাৰ আৰু এটি উদ্ধাৰকাৰী দলক কামত লগোৱা হৈছে।










