নিউজ ডেস্কঃ
চিবিএছই বোর্ডৰ ২০২২ চনৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা দুবাৰ অনুষ্ঠিত হ’ব। এই বছৰ কৰোনা অতিমাৰীৰ কাৰণে বাতিল হৈছে দুয়োটা পৰীক্ষা। অনিশ্চয়তাত ভুগিছে শিক্ষাৰ্থীসকল।
আগন্তুক বছৰতো যাতে এনে জটিলতাৰ সৃষ্টি নহয় তাৰ বাবে ঠিক কৰা হৈছে, নৱেম্বৰ-ডিচেম্বৰ মাহত প্রথম পৰীক্ষা আৰু মার্চ-এপ্রিলত পৰৱৰ্তী পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। প্রথম পৰীক্ষাত থাকিব বস্তুনিষ্ঠ (অবজেক্টিভ) প্রশ্ন। পিছৰ পৰ্যায়ত ছাবজেক্টিভ প্ৰশ্ন।