![]()
নিউজ ডেস্ক :
কোভিডৰ দ্বিতীয় ঢৌত মৃত্যু হৈছে লক্ষাধিক মানুহ। এনে পৰিস্থিতি উদ্ভৱ হৈছে যে কবৰস্থানত স্থানৰ অভাৱ হৈছে৷ শ্মশানত দিন–ৰাতি চিতা জ্বালাইও মৃতদেহ দাহ কৰি শেষ কৰিব পৰা যোৱা নাছিল। কোভিডত মৃতকৰ মৃতদেহ জমা হৈ পৰি থাকে। দাহৰ পিছত জমা হয় চিতাভস্ম। কোভিড বিধিৰ কাৰণে বহু পৰিয়ালেই তাক নি পানীত উটুৱাব পৰা নাই। এই চিতাভস্মকেই এইবাৰ কামত লগাব বিচাৰিছে ভূপাল প্রশাসনে। কোভিডত মৃতকৰ স্মৃতিত নিৰ্মাণ কৰিব বিচাৰে পার্ক।
ভূপালৰ ভাদভাদা বিশ্রাম ঘাটত ১৫ মার্চৰ পৰা ১৫ জুন, এই তিনি মাহত ৬ হাজাৰ মৃতদেহ পোৰা হৈছে। এতিয়াও ২১ ট্রাক চিতাভস্ম পৰি আছে। কাৰণ কঠিন বিধিৰ কাৰণে পৰিয়ালৰ লোকে সেয়া নিব আহিব পৰা নাই। এই চিতাভস্মৰে ১২ হাজাৰ বর্গফুটৰ পার্ক নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে শ্মশান কমিটি।
শ্মশান মেনেজমেন্ট কমিটিৰ চেয়াৰমেন মমতেশ শর্মাই এই প্ৰসংগত জনায়, বহু পৰিয়ালে কোনোমতে অস্থি লৈ গৈছে। কিন্তু চিতাভস্ম নিব পৰা নাই। সেইবোৰ নর্মদাৰ পানীত পেলালে প্ৰদূষণ বাঢ়িব। সেয়ে তাৰ সৈতে মাটি, গোবৰ, কাঠৰ গুড়ি, বালি মিহলাই পার্ক নিৰ্মাণ হ’ব। উক্ত পার্কত হ’ব বৃক্ষৰোপণ। মৃতকৰ পৰিয়ালে বিচাৰিলে প্রিয়জনৰ স্মৃতিত বৃক্ষৰোপণ কৰিব পাৰিব। ৫-৭ জুলাইত এই বৃক্ষৰোপণৰ সময় পাব।
এই পার্কত ৩,৫০০-৪০০০ হাজাৰ গছপুলি ৰোপণ কৰা হ’ব। সেইবোৰ বৃক্ষত পৰিণত হ’বলৈ ১৫-১৮ মাহ সময় লাগিব। জাপানৰ ‘মিয়াৱাকি’প্রযুক্তি ব্যৱহাৰ কৰা হ’ব। এই প্রযুক্তিত ঘন অৰণ্য সহজতেই তৈয়াৰ কৰিব পৰা যায়।










