![]()
নিউজ ডেস্কঃ
সাত বছৰ পূৰ্বে বাতিল হৈছে তথ্য-প্রযুক্তি আইনৰ এক ধাৰা। অথচ সেই আইনতেই এক হাজাৰৰো অধিক গোচৰ হৈছে সমগ্ৰ দেশত। ইয়াকে দেখি ক্ষুব্ধ ছুপ্রিম কোর্ট। এই সন্দৰ্ভত কেন্দ্রলৈ জাননী পঠালে ছুপ্রিম কোৰ্টে। অহা ২ সপ্তাহৰ ভিতৰত মোদী চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে।
২০১৫ চনৰ ২৪ মার্চত তথ্য-প্রযুক্তি আইনৰ ৬৬-এ ধাৰাটি খাৰিজ কৰে ছুপ্রিম কোৰ্টে। শীৰ্ষ আদালতে জনায়, এই আইন ‘অস্বচ্ছ’, ‘সংবিধানবিৰোধী’, ‘বাক-স্বাধীনতাৰ উলঙ্ঘন’। আইনখনৰ ধাৰাত আছিল, ছচিয়েল মিডিয়াত ‘আপত্তিকৰ’ পোষ্টৰ বাবে কাৰোবাক গ্রেপ্তাৰ কৰিব পাৰিব আৰক্ষীয়ে।
এই আইন খাৰিজৰ ইমান বছৰ পিছতো বিভিন্ন থানাত তাৰ অধীনত এফআইআৰ দাখিল কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত ছুপ্রিম কোর্টত পিটিচন দাখিল কৰিছিল এটি স্বেচ্ছাসেৱী সংগঠনে। সেই প্রসঙ্গতেই ন্যায়াধীশ আৰ নৰিমান, কেএম জোচেফ, বিআৰ গাভাইৰ বিচাৰপীঠে জনাইছে, ‘যি চলিছে সেয়া ভয়ঙ্কৰ’।
সংগঠনৰ অধিবক্তা সঞ্জয় পাৰিখে জনাইছে, আইনখন বাতিলৰ পূৰ্বে ২২৯টা গোচৰ ওলমি আছিল। বাতিলৰ পিছৰ পৰা ১,৩০৭টা গোচৰ ৰুজু হৈছে। যাৰ ভিতৰত ৫৭০টা গোচৰ এতিয়াও ওলমি আছে। সকলোতকৈ বেছি এই ধাৰাত গোচৰ হৈছে মহাৰাষ্ট্রত (৩৮১)। তাৰ পিছতেই আছে ঝাড়খণ্ড, উত্তৰ প্রদেশ, ৰাজস্থান।










