![]()
নিউজ ডেস্কঃ
হায়দৰাবাদ ক্রিকেট সন্থাৰ সভাপতি পদলৈ পুনৰ উভতাই অনা হ’ল মহম্মদ আজহাৰউদ্দিনক। সংস্থাৰ লোকপাল (Ombudsman) দীপক বর্মাই এই সিদ্ধান্ত লৈছে। লগতে সমগ্ৰ এপেক্স কাউন্সিলকেই বাতিল কৰি দিছে তেওঁ।
সাময়িকভাবে এটি আদেশ জাৰি কৰিছে বর্মাই। তাত স্পষ্টকৈ কোৱা হৈছে, উপ-সভাপতি কে জন মনোজ, আৰ বিজয়ানন্দ, নৰেশ শর্মা, সুৰেন্দৰ আগৰৱাল আৰু অনুৰাধাক নির্বাসিত কৰা হৈছে।
উল্লেখ্য, কিছুদিন পূৰ্বে এই এপেক্স কাউন্সিলেই আজহাৰউদ্দিনক নির্বাসিত কৰিছিল। তেওঁলোকৰ দাবী আছিল, সন্থাৰ সংবিধানৰ নিয়ম ভংগ কৰিছে আজহাৰে। তেওঁৰ বিৰুদ্ধে স্বার্থ সংঘাতৰ অভিযোগো উঠিছিল।
কিন্তু বর্মাই জনাইছে, নিজৰ পৰা এনে সিদ্ধান্ত লোৱাৰ ক্ষমতা এপেক্স কাউন্সিলৰ নাই। সেয়ে আজহাৰউদ্দিনক নির্বাসিত কৰাৰ যি সিদ্ধান্ত, সেয়া বাতিল কৰা হৈছে।
কেৱল সেয়াই নহয়, প্রত্যেক সদস্যকে কাৰণ দৰ্শোৱাৰ জাননী পঠোৱা হৈছে আৰু ভবিষ্যতে আজহাৰউদ্দিনৰ বিৰুদ্ধে এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা দূৰৈত থাকিবলৈ কোৱা হৈছে।
বর্মাই এক বিবৃতিত লিখিছে, “স্পষ্টকৈ বুজা গৈছে যে ক্রিকেটক প্রাধান্য দিয়াৰ সলনি কিছু বিষয়াই নিজৰ মাজত ৰাজনীতিৰ খেল খেলিছে, যাৰ কাৰণ তেওঁলোকে জানে। ইয়াৰ ফলত ক্রিকেট সন্থাৰ প্ৰকৃত কাম ব্যাহত হৈছে।”













