![]()
নিউজ ডেস্কঃ
সাধুকথাৰ দৰে ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ বদায়ূঁ জিলাত৷ ২২ বছৰীয়া এজন যুৱকৰ সৈতে এই ঘটনা ঘটা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ।
ঘটনাৰ বিৱৰণী মতে, বদায়ূঁত নিজৰ পৰিয়ালক এৰি চম্বল জিলাত পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল যুৱকজনৰ পিতৃয়ে। পেছাত চাফাইকর্মী ৪৮ বছৰীয়া ব্যক্তিজনে নিজৰ সংসাৰলৈ টকা-পইচা পঠাবলৈও বন্ধ কৰি দিছিল। ইয়াৰ পিছত পিতৃৰ ঠিকনা জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনত (আৰটিআই) গোচৰ ৰুজু কৰে যুৱকজনে। তাতেই জানিবলৈ পাৰে তেওঁৰ ‘নতুন মাতৃ’ৰ কথা। ২০১৬ চনত তেওঁৰ সৈতেই বিয়া হৈছিল যুৱকজনৰ। সেই সময় দুয়োজনেই অপ্রাপ্তবয়স্ক আছিল। পিছে উক্ত বিয়া টিকিছিল মাত্ৰ ছমাহ। স্বামীক মদাহী বুলি দাবী কৰি বিবাহ বিচ্ছেদ কৰে পত্নীয়ে। তাৰ পিছত বহু চেষ্টা কৰিলেও ঘূৰি নাহে। পিছে প্রাক্তন পত্নী সম্পৰ্কত বৰ্তমানৰ মাতৃ বুলি জানিব পাৰি আৰক্ষীৰ ওচৰত অভিযোগ কৰে যুৱকজনে। তেওঁৰ অভিযোগৰ পিছত দুয়োপক্ষকে আলোচনাৰ বাবে মাতে বিচৌলি থানাৰ আৰক্ষীয়ে।
কিন্তু সতীয়া মাকৰ দাবী, দ্বিতীয় পক্ষৰ সৈতে সুখতে দিন কটাইছে তেওঁ। সেয়ে প্রাক্তনজনৰ ওচৰলৈ ঘূৰি যাব নিবিচাৰে। বিচৌলি থানাৰ এগৰাকী বিষয়াই কয়, ‘‘যুৱকজনৰ প্রথম বিয়াৰ সময়ত দুয়ো পক্ষই নাবালক আছিল। তাৰ উপৰি উক্ত বিয়াৰ কোনো নথি-পত্ৰও নাই। সেয়ে এই গোচৰ ৰুজু কৰা সম্ভৱ নহয়। অৱশ্যে পুনৰ আলোচনাৰ বাবে আৰু এখন জাননী দিয়া হ’ব দুয়ো পক্ষকেই।’’










