![]()
নিউজ ডেস্কঃ
নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভয়াৱহ ভূমিস্খলনত উটি গ’ল এটাৰ পিছত আন এটা ঘৰ। শনিবাৰে পুৱা জাপানৰ ৰাজধানী টকিঅ’ৰ আটামি চহৰত হয় মহা প্রলয়। চৰকাৰী সূত্ৰ মতে, ভূমিস্খলনৰ পিছত প্ৰায় ১৯ জন লোক সন্ধানহীন হৈছে। আটামি চহৰ সম্পূর্ণ তচনচ কৰি দিছে শক্তিশালী ভূমিস্খলনে। সন্ধানহীনৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশঙ্কা কৰিছে প্রশাসনে।
উপত্যকা আৰু পাহাৰেৰে আবৃত চহৰখনত ভূমিস্খলনৰ আশঙ্কা দিনক দিনে বৃদ্ধি পাইছিল। তাৰ মাজতেই ক্রমাগত বৰষুণে ভূমিস্খলনৰ সম্ভাবনা আৰু বৃদ্ধি কৰিছিল। উল্লেখ্য, টকিঅ’ৰ দক্ষিণ-পশ্চিমে ১০০ কিলোমিটাৰ দূৰত অৱস্থিত আটামি। ইয়াৰ আগতেও সমুদ্র উপকূলৱর্তী এই চহৰখনত ভূমিস্খলন হৈছিল।










