স্বাস্থ্য প্ৰতিবেদন:
স্বাস্থ্য ভালে ৰাখিবলৈ কিমান পৰিমাণৰ চাহ খোৱা উচিত জানেনে?
চাহপাতৰ প্ৰকাৰ আৰু কিমান পৰিমাণত ব্যৱহাৰ কৰিছে তাৰ ওপৰত নির্ভৰ কৰি এক কাপ চাহৰ কেফিনৰ পৰিমাণ পৃথক হ’ব পাৰে।অৱশ্যে সাধাৰণতে এক কাপ চাহত কেফিনৰ পৰিমাণ ২০-৬০ মিলিগ্রামৰ ভিতৰত থাকে। গতিকে প্রতিদিনে ৩ কাপৰ বেছি চাহ নোখোৱাই মংগল৷
শৰীৰত আয়ৰন শোষণ ক্ষমতা হ্রাস কৰে
চাহত পোৱা টেনিন প্রচুৰ পৰিমাণে গ্রহণ কৰিলে শৰীৰৰ আয়ৰন শোষণ ক্ষমতা কমায়। কলোৰাডো ষ্টেট ইউনিভাৰ্ছিটিৰ এক প্রতিবেদনত কোৱা হৈছে, চাহে আয়ৰন শোষণৰ ক্ষমতা ৬০ শতাংশ পর্যন্ত কমাই আনিব পাৰে। ই নিৰামিষভোজীসকলৰ ওপৰত বিৰূপ প্রভাৱ পেলাব পাৰে, যিসকলৰ আয়ৰনৰ ঘাটি বেছি থাকিব পাৰে।
ঔষধৰ প্রভাৱ হ্রাস কৰিব পাৰে
সমীক্ষাত দেখা গৈছে, অতিৰিক্ত চালে কিছু এন্টিবায়োটিকৰ কার্যকাৰিতা হ্রাস কৰিব পাৰে। চাহে কেমোথেৰাপিৰ ঔষধ, ক্লোজাপাইন আৰু গর্ভনিৰোধক ঔষধৰ ওপৰত প্রভাৱ হ্রাস কৰিব পাৰে।
মূৰ ঘূৰণি
চাহত প্রচুৰ পৰিমাণে কেফিন থাকে, যাৰ ফলত মূৰ ঘূৰাব পাৰে। ৪০০-৫০০ মিলিগ্রামৰো অধিক কেফিন গ্রহণ কৰিলে এইটো ঘটে। অৱশ্যে কেফিনৰ প্রতি সংবেদনশীল বা উদ্বেগজনিত সমস্যাত ভোগা ব্যক্তিসকলে কম পৰিমাণে চাহ খোৱাৰ পিছতো চঞ্চল বোধ কৰিব পাৰে।
গর্ভাৱস্থাৰ জটিলতা
গর্ভাৱস্থাত বেছি পৰিমাণে চাহ খালে কেফিনৰ বিপদাশংকা বঢ়াই তোলে। ইয়াৰ ফলত গর্ভপাত আৰু শিশুৰ জন্মৰ ওজন কমাব পাৰে। সেয়ে গর্ভৱতী হোৱাৰ সময়ত ২০০ মিলিগ্রামৰ অধিক কেফিন গ্ৰহণ কৰা উচিত নহয়।
এচিড ৰিফ্লাক্সৰ সমস্যা
অত্যধিক চাহ খালে এচিড ৰিফ্লাক্সৰ সমস্যা বাঢ়িব পাৰে।ই অন্ত্রত এচিডৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। বুকু জ্বলা সমস্যাত ভুগিলে চাহ খোৱাটো সীমাবদ্ধ কৰক, অন্যথা সমস্যা আৰু বাঢ়িব পাৰে।