![]()
নিউজ ডেস্কঃ
ৰমেশ চিপ্পিৰ ‘শোলে’ ছবিৰ অন্যতম নায়ক ‘বীৰু’ই প্রেমিকা বাসন্তীক বিয়াৰ প্রস্তাৱ দিয়াত বাসন্তীৰ মাহীয়েক অমান্তি হয়। মাহীয়েকক তেওঁৰ প্রস্তাৱত ৰাজী কৰাবলৈ নিচাসক্ত অৱস্থাত পানীৰ টেংকিত উঠি আত্মহত্যাৰ চেষ্টা কৰিছিল বীৰুই। বীৰুক বুজাবলৈ কাকুতি-মিনতি কৰিছিল গাঁওবাসীয়ে। অৱশেষত ‘মৌসিজি’ক তেওঁ ৰাজী কৰাইহে এৰে। ‘শোলে’ৰ সেই বিখ্যাত দৃশ্যই যেন অবিকল ঘূৰি আহিল বাস্তৱত, বংগৰ পূব বর্ধমানৰ কালনাৰ নাদনঘাটত। অৱশ্যে পানীৰ টেংকিৰ সলনি এইবাৰ পটভূমি মোবাইল টাৱাৰ। আৰু ‘গাঁওৱালো’ৰ সলনি নাদনঘাট থানাৰ আৰক্ষী। কিন্তু বিয়াৰ প্রস্তাৱ নহয়, প্রেমিকাৰ ওপৰত অভিমানতহে নিচাসক্ত অৱস্থাত মোবাইল টাৱাৰ বগাই আত্মহত্যাৰ চেষ্টা কৰে এজন যুৱকে।

স্থানীয় সূত্রৰ খবৰ মতে, শুক্রবাৰে কালনাৰ নাদনঘাট এলেকাত হঠাৎ মোবাইল টাৱাৰত উঠে খোকন দাস নামৰ এজন যুৱক। তাৰ পৰা জাঁপ দি আত্মহত্যাৰ চেষ্টা কৰে বুলি অভিযোগ। খবৰ পাই টাৱাৰৰ তলত একগোট হয় অঞ্চলটোৰ লোকসকল। উপস্থিত হয় আৰক্ষীও। মাইকেৰে খোকনক তললৈ নমাৰ অনুৰোধ কৰিলেও একোতেই ৰাজী নহয় তেওঁ। অৱশেষত বহু চেষ্টা কৰি খোকনৰ মাতৃ আৰু এজন বন্ধুৰ সহযোগিতাত তেওঁক নমাই আনিবলৈ সক্ষম হয় আৰক্ষী। ইয়াৰ পিছত তেওঁক থানালৈ লৈ যোৱা হয়।
অৱশ্যে এই কাণ্ডৰ পিছত খোকনৰ প্রেমিকাৰ মন জয় হ’লনে নাই সেয়া জানিব পৰা নগ’ল!











