
তুষাৰ মেহতাৰ ছলিচিটৰ জেনেৰেলৰ (Solicitor General) কাৰ্যকাল আৰু তিনি বছৰৰ বাবে বৃদ্ধি। ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। তেওঁ উচ্চতম ন্যায়ালয়কে ধৰি দেশৰ সকলো সাংবিধানিক আদালতত আৰু তিনি বছৰ কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰিব আৰু যুক্তি আগবঢ়াব।

কেন্দ্ৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে যোৱা ২০ জুনত এক নিৰ্দেশ জাৰি কৰিছিল। ইয়াত উল্লেখ আছে যে তুষাৰ মেহতাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২০১৮ চনত তেওঁ ছলিচিটৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পূৰ্বে ২০১৪ চনৰ পৰা তুষাৰ মেহতা অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল।
ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচনী সংস্কাৰ, ৰাজ্য-কেন্দ্ৰৰ বিবাদকে ধৰি কেইবাটাও গোচৰত কেন্দ্ৰীয় চৰকাৰৰ হৈ যুক্তি আগবঢ়াইছে তুষাৰ মেহতাই। তেওঁ নিয়মিতভাৱে উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠৰ সন্মুখত যুক্তি দি আহিছে।
তুষাৰ মেহতাৰ লগতে অতিৰিক্ত পাঁচজন ছলিচিটৰ জেনেৰেলকো তিনি বছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হৈছে। তেওঁলোক হৈছে বিক্ৰমজিৎ বেনাৰ্জী, কে এম নটৰাজ, সূৰ্যপ্ৰকাশ ভি ৰাজু, এন ভেংকটৰমণ আৰু ঐশ্বৰ্য ভাটি।











