![]()
নিউজ ডেস্কঃ
অতিমাৰীৰ কাৰণে অন্য দেশৰ নাগৰিকক প্ৰৱেশত যেনেদৰে নিষেধাজ্ঞা আছে, তেনেদৰে নিজ দেশৰ নাগৰিককৰ অন্য দেশলৈ যোৱা সন্দৰ্ভতো আছে সমস্যা। তাৰেই অংশ হিচাপে সংযুক্ত আৰব ৰাষ্ট্ৰৰ চৰকাৰে ঘোষণা কৰিছে, তেওঁলোকৰ দেশৰ নাগৰিকে ভাৰত, পাকিস্তানসহ বহুকেইখন দেশলৈ এতিয়া যাব নোৱাৰিব।
ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰালয় আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে একেলগে সিদ্ধান্ত লৈছে, ২১ জুলাই পর্যন্ত ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল আৰু শ্রীলঙ্কালৈ যাব নোৱাৰিব দেশখনৰ নাগৰিকসকল। ভাৰতীয় উপ-মহাদেশৰ এই দেশবোৰৰ উপৰি তালিকাত আছে আৰু কেইবাখনো দেশ। লাইবেৰিয়া, কঙ্গো, উগান্ডা, জাম্বিয়া, ভিয়েটনাম, নাইজেৰিয়া, দক্ষিণ আফ্রিকাৰ ক্ষেত্রতো একেই বাধা-নিষেধ জাৰি কৰা হৈছে।











