![]()
নিউজ ডেস্কঃ
ক্রমাৎ অধিক উষ্ণ হৈছে মেৰু অঞ্চল। ২০২০ চনৰ ফেব্রুৱাৰী মাহৰ ৬ তাৰিখে এণ্টার্কটিকাত সর্বোচ্চ তাপমাত্রা হৈছিল ১৮.৩ ডিগ্ৰী চেলচিয়াছ। যিটো ৰেকর্ড। ইয়াৰ আগত এই অঞ্চলত ইমান তাপমাত্রা বৃদ্ধি লক্ষ্য কৰা হোৱা নাই।
আৰ্জেণ্টিতাত অৱস্থিত গৱেষণা কেন্দ্রই এই তাপমাত্রা বৃদ্ধি লক্ষ্য কৰিছে। এই কথা জনাইছে ৰাষ্ট্রসংঘই। উদ্বেগো প্রকাশ কৰিছে সংস্থাটোৱে। বিশ্ব উষ্ণায়ন ৰোধ কৰাৰ ক্ষেত্রত বৰফেৰে আবৃত পৃথিৱীৰ দুই মেৰু অঞ্চলে মুখ্য ভূমিকা পালন কৰে। তাত এই হাৰত উষ্ণতা বৃদ্ধিয়ে বিভিন্ন দিশৰ পৰা পৰিবেশৰ ওপৰত প্রভাৱ পেলাব পাৰে বুলি আশঙ্কা কৰা হৈছে।
আন্তর্জাতিক বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে, এই উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ জলবায়ু পৰিবর্তনৰ দিশটো বুজাত সহায় কৰিব। লগতে বিশ্ব উষ্ণায়ন ৰোধৰ শেষ অস্ত্র এই মেৰু অঞ্চলৰ পৰিস্থিতি কেনে আছে, সেয়া বুজাতো সহায় কৰিব।
২০১৫ চনৰ ২৪ মার্চত এই একেটা বতৰ বিজ্ঞান কেন্দ্ৰই এণ্টার্কটিকাৰ তাপমাত্রা নির্ধাৰণ কৰিছিল ১৭.৫ ডিগ্ৰী। ইয়াৰ আগলৈ সেয়াই আছিল সর্বোচ্চ। অৱশ্যে বৃহত্তৰ এণ্টার্কটিকাৰ ক্ষেত্রত ১৯৮২ চনৰ ৩০ জানুৱাৰীত ১৯.৮৩ ডিগ্ৰী উষ্ণতা ৰেকর্ড কৰা হয়, যিটো সর্বোচ্চ।
বতৰ বিজ্ঞান বিভাগে জনাইছে, পৃথিৱীৰ তাপমাত্রা ১৯ শতিকাৰ পিছৰ পৰা গড়ে ১ ডিগ্ৰী চেলচিয়াছকৈ বৃদ্ধি পাইছে। যাৰ ফলত পৃথিৱীৰ বিভিন্ন অংশত বৃদ্ধি পাইছে খৰাং, সমুদ্রৰ ঢৌ শক্তিশালী হৈছে। ধুমুহাৰ সৃষ্টি হৈছে। কিন্তু এণ্টার্কটিকাৰ বায়ুৰ উষ্ণতা ইয়াৰ দুগুণ হাৰত বাঢ়িছে বুলি তেওঁলোকে জনাইছে।
তেওঁলোকৰ আশঙ্কা, এই অংশত ২ ডিগ্ৰী চেলচিয়াছ গড় উষ্ণতা বৃদ্ধিৰ ফলত পশ্চিম এণ্টার্কটিকা আৰু গ্রিনলেণ্ডত যি পৰিমাণৰ বৰফ গলিব তাৰ ফলত সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব পাৰে বহুখিনি। তাৰ ফলত বিপদ আৰু বাঢ়িব।











