![]()
নিউজ ডেস্কঃ
কৰোনাৰ ডেল্টা প্ৰজাতি সন্দৰ্ভত সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। এই নতুন প্ৰজাতিয়ে আগন্তুক দিনত সমগ্ৰ বিশ্বত সংক্রমণ বিয়পাব পাৰে। বর্তমান এই প্ৰজাতি প্রায় ১০০খন দেশত আছে আৰু আগন্তুক দিনত বিশ্বত এই প্ৰজাতিয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিব বুলি জনাইছে হুই।
বিগত চাৰি সপ্তাহৰ ভিতৰত ভাৰতত ২২৪টা জিনোম ছিকোৱেন্সিঙৰ ৬৭% ডেল্টা প্ৰজাতিৰ সন্ধান পোৱা গৈছে। সেইবাবে ডেল্টা প্ৰজাতিৰ সংক্রমণ ৰুধিবলৈ বাধ্যতামূলকভাবে মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰৰ পৰামর্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই। এই পর্যন্ত কৰোনাৰ আলফা প্ৰজাতি ১৭২খন দেশত, বিটা প্ৰজাতি ১২০খন দেশত আৰু গামা প্ৰজাতি ৭২খন দেশত পোৱা গৈছে।











