![]()
নিউজ ডেস্কঃ
আনদিনাৰ দৰেই সিদিনাও পুৱা শুই উঠি কামত ব্যস্ত হৈ পৰে ৫৫ বছৰীয়া শিক্ষক চন্দ্রশেখৰ দেশাই। হঠাৎ তেওঁলৈ ফোন আহে, ‘চন্দ্রশেখৰ দেশাইৰ নামৰ মৃত্যুৰ প্ৰমাণ-পত্ৰখন লৈ যাওক’। মুহূর্ততে হতচকিত হৈ পৰে মহাৰাষ্ট্রৰ শিক্ষকজন।
থানেৰ বাসিন্দা চন্দ্রশেখৰ দেশাই ঘাটকোপাৰৰ এখন স্কুলৰ শিক্ষক। তেওঁ জনায়, ‘থানে মিউনিচিপাল কর্প’ৰেচনৰ পৰা এগৰাকী মহিলাই মোক ফোন কৰি কয়, চন্দ্রশেখৰ দেশাইৰ নামত মৃত্যু প্ৰমাণ-পত্ৰ ইছ্যু কৰাৰ বাবে ফোন কৰা হৈছে।’ ইয়াৰ পিছতে মহিলাগৰাকীক তেওঁ জনায়, তেৱেঁই চন্দ্রশেখৰ দেশাই। অবাক হৈ পৰে মহিলাগৰাকী৷’ তাৰ পিছত শিক্ষককজনক ফোনত তেওঁ সোধে, তেওঁলোকৰ পৰিয়ালৰ কোনো ব্যক্তি কৰোনা সংক্রমিত হৈ মৃত্যু হৈছে নেকি। ইয়াৰ পিছতেই তেওঁ ফোন কাটি দিয়ে।
শিক্ষকজনে জনাইছে, তেওঁ আগষ্টত কৰোনাত আক্রান্ত হৈছিল। কিন্তু ঘৰত থাকিয়েই সুস্থ হৈ উঠে। যেতিয়া তেওঁ আক্রান্ত হৈছিল তেতিয়া স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ফোনো কৰিছিল।
ইয়াৰ পিছতে তেওঁ পৌৰসভালৈ যায়। তাৰ পিছত বিষয়াসকলৰ সৈতে কথা পাতি সোনকালে ইয়াৰ সংশোধন কৰাৰ আবেদন জনায়। ইফালে থানেৰ মেয়ৰে জনোৱা মতে, এই তালিকা প্ৰকাশ কৰিছিল ৰাজ্য চৰকাৰে। তালিকাখন পুণেৰ আইচিএমআৰৰ পৰা আহিছিল। উক্ত তালিকাত থানেৰ বাহিৰত মৃত্যু হোৱা থানেৰ বাসিন্দাসকলৰ নাম আছিল। কোনো ভুলৰ বাবেই তালিকাত শিক্ষকজনৰ নাম অহা বুলি জনায় থানে পৌৰ নিগমে ।











