স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনা ভাইৰাছে মানুহৰ শৰীৰত যিবোৰ ক্ষতি কৰে তাৰ ভিতৰত এটি হৈছে বহুতৰেই ৰক্তত অক্সিজেনৰ মাত্রা কমি যায়। এজন সুস্থ ব্যক্তিৰ ৰক্তত অক্সিজেনৰ মাত্রা ৯০-১০০ শতাংশ থকা উচিত। অক্সিজেনৰ মাত্রা খুব সহজে পৰিমাপ কৰাৰ বাবে এতিয়া বহুতৰে ঘৰত আছে অক্সিমিটাৰ।
কোভিডত আক্রান্ত ব্যক্তিসকলে প্রতিদিনে নিয়মিত অক্সিমিটাৰেৰে অক্সিজেন জোখাৰ পৰামর্শ দিয়ে চিকিৎসকসকলে। অক্সিজেন ৯০ৰ তললৈ নামি গ’লেই সমস্যা আৰম্ভ হয়। মাত্রা বেছি কমি গ’লে ৰোগীক নেজাল কেনোলা দি অক্সিজেন দিয়াৰ প্ৰয়োজন হৈ পৰে।
কিন্তু প্ৰয়োজনৰ সময়ত যদি ঘৰত অক্সিজেন নাথাকে তেন্তে ৰোগীয়ে কিছুহ’লেও শাৰীৰিকভাবে স্বস্তি পাব পৰা কেইবাটাও সহজ টিপছ দিছে ৰাষ্ট্ৰীয় হৃদৰোগ প্ৰতিষ্ঠান আৰু হস্পিটেলৰ ছিনিয়ৰ চিকিৎসক ডাঃ কাজী চাইফুদ্দিন বেননুৰে।
ৰক্ত অক্সিজেন কমি গ’লে কি ঘটে
ৰক্তত অক্সিজেন কমিছেনে নাই সেয়া অক্সিমিটাৰৰ উপৰি বুজাৰ উপায় হৈছে মূৰ ৰিমঝিম কৰা, শৰীৰ দুর্বল লগা, শ্বাস লোৱাত সমস্যা আদি। বহুতেই আকৌ অজ্ঞান হৈ যাব পাৰে। ৰক্তত অক্সিজেন সঠিক মাত্রাতকৈ কমি গ’লে মস্তিষ্কতো অক্সিজেনৰ ঘাটি হয়– যিটো অতি বিপজ্জনক।
শ্বাস লোৱাত সমস্যা আৰু মস্তিষ্কত অক্সিজেনৰ ঘাটি সকলোতকৈ বেছি দুঃশ্চিন্তাৰ বিষয়।
টান পোছাক এনেয়ো শ্বাস লোৱাত বহুতৰে সমস্যা হয়। বুকু ভৰি শ্বাস ল’ব পৰা নাযায়, কাৰণ এনে পোছাকে হাওঁফাওঁৰ পেশী প্রসাৰিত হোৱাত বাধা দিয়ে। আৰু যদি শৰীৰত অক্সিজেন কম থাকে তেনেহ’লে সাধাৰণ পোছাকেও কষ্ট দিব পাৰে।
কোভিড ৰোগীৰ শৰীৰত অক্সিজেন কমি গ’লে আৰম্ভণিতেই পিন্ধা পোছাক ঢিলা কৰি দিব।
টাইট কিবা পিন্ধি থাকিলে সেয়া খুলি দিব। অন্তর্বাস, পেণ্ট এনেধৰণৰ পোছাক খুলি পেলাওক। মুখৰ মাস্কো খুলি দিব কাৰণ মাস্কৰ কাৰণেও শ্বাসকষ্ট আৰু বাঢ়ি যাব পাৰে।
হুৰমুৰ নকৰিব
ৰোগী নিজে যদি অকলে থাকে বা অন্য কোনোৱে যদি তেওঁক সহায় কৰে তেনেহ’লে কোনোৱেই হুৰমুৰ নকৰিব। শৰীৰৰ সকলো অঙ্গ-প্রত্যঙ্গৰ অক্সিজেন প্রয়োজন হয়। ইফাল-সিফাল কৰা আনকি কিবা খালেও শৰীৰত অক্সিজেনৰ চাহিদা আৰু বৃদ্ধি পায়। সেয়া চলা-ফুৰা বন্ধ কৰি স্থিৰে থাকক। কিবা খোৱাৰ পৰা বিৰত থাকক।
চিত হৈ শুই দিয়ক
ৰোগীক বিছনাত চিত কৰি শুৱাই দিয়ক। বুকুৰ ওপৰত ধৰি লাহে লাহে দীঘল দীঘল শ্বাস লোৱাৰ চেষ্টা কৰিব লাগিব। তাৰ ফলত উপকাৰ পোৱা যায়৷ কিয়নো হাওঁফাওঁৰ এটি বৃহৎ অংশ মানুহৰ শৰীৰৰ পিঠিৰ ফালে অৱস্থিত। ওপৰমুৱা হৈ শোৱাৰ ফলত হাওঁফাওঁৰ পিঠিৰ ফালৰ অংশই সহজে অক্সিজেন পায়। ইয়াৰ পৰা কিছু উপকাৰ পাব পাৰে কৰোনা ৰোগীয়ে।
শ্বাসৰ ব্যায়াম
হাওঁফাওঁ সুস্থ ৰাখিবলৈ চিকিৎসকে সকলোকে হাওঁফাওঁৰ ব্যায়াম কৰিবলৈ পৰামর্শ দিয়ে। সুস্থ ব্যক্তিসকলকো এই পৰামর্শ দিয়া হয়৷ কিয়নো কৰোনা ভাইৰাছে হাওঁফাওঁক আক্রান্ত কৰে। কোভিডত আক্রান্ত ৰোগীসকলেও শ্বাসকষ্ট হ’লে শ্বাসৰ ব্যায়াম কৰিব পাৰে।
ইয়াৰ বাবে দীঘলকৈ নাকেৰে গভীৰভাবে শ্বাস ল’ব লাগিব। সাতৰ পৰা দহ ছেকেণ্ড অথবা যিমান সময় সম্ভৱ হাওঁফাওঁত বতাহ ধৰি ৰাখিব লাগিব। তাৰ পিছত লাহে লাহে নিশ্বাস এৰিব লাগে। এই ব্যায়াম কেইবাবাৰো কৰিব লাগিব।
ভিৰ নকৰিব
শ্বাসকষ্ট হ’লে ওচৰ-পাজৰে থকা মানুহক আঁতৰাই দিয়ক। মানুহৰ ভিৰত ঘৰত অক্সিজেন কমি গৈ কার্বন-ডাই-অক্সাইড বাঢ়ি যায়। ঘৰৰ দৰ্জা-খিৰিকী খুলি দিয়ক। এই টিপছবোৰে সাময়িকভাবে স্বস্তি দিব।
কিন্তু মনত ৰাখিব, যাৰ লঘু সমস্যা তাৰবাবেহে এইবোৰ উপায়। যদি পৰিস্থিতি বেয়া হয় তেনেহ’লে অক্সিজেন দিয়াৰ বাহিৰে কোনো বিকল্প নাই। তেনে ক্ষেত্রত হস্পিটেললৈ নি বা সুবিধা থাকিলে ঘৰতে চিলিণ্ডাৰ আনি প্রশিক্ষণপ্রাপ্ত কাৰোবাৰ সহায়ত ৰোগীক অক্সিজেন দিয়াই উত্তম।