![]()
নিউজ ডেস্কঃ
১ জুলাইৰ পৰা দেশজুৰি বৃদ্ধি পাইছে ছাবছিডিবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য৷ আজি এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ২৫.৫০ টকা। বৰ্তমান ১৪.২ কেজি এলপিজি চিলিণ্ডাৰৰ মূল্য মুম্বাই আৰু দিল্লীত ৮৩৪.৫০ টকা, চেন্নাইত ৮৫০.৫০ টকা, কলকাতাত ৮৬১ টকা আৰু গুৱাহাটীত ৮৬৮ টকা। আনহাতে এই বৃদ্ধিৰ ফলত বিগত ৬ মাহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে প্রায় ১৪০ টকা। লগতে ১৯ কেজিৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ৭৬ টকা।











