![]()
নিউজ ডেস্কঃ
খেলৰত্ন বঁটাৰ বাবে ৰবিচন্দ্ৰন অশ্বিন আৰু মিতালি ৰাজৰ নাম মনোনীত কৰিলে বিচিচিআইয়ে। অর্জুন বঁটাৰ বাবে তিনি ক্রিকেটাৰৰ নামো মনোনয়ন কৰা হৈছে। তেওঁলোক হৈছে শিখৰ ধৱন, কে এল ৰাহুল আৰু যশপ্ৰীত বুমৰাহ।
আনহাতে, ভাৰতীয় টেনিছ সংস্থাই খেলৰত্নৰ বাবে মনোনীত কৰিছে অঙ্কিতা ৰাইনা আৰু প্রজ্ঞেশ গুণেশ্বৰনৰ নাম। দ্রোণাচার্য পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে বলৰাম সিং আৰু এনৰিকো পিপার্নোকক।
ভাৰতীয় মল্লযুঁজাৰু সংস্থাই চাৰিজন মল্লযুঁজাৰুৰ নাম অর্জুন বঁটাৰ বাবে মনোনীত কৰিছে। তেওঁলোক হৈছে ৰবি দাহিয়া, দীপক পুনিয়া, অংশু মালিক আৰু সৰিতা ম’ৰ।
উল্লেখ্য, মিতালি ৰাজে ভাৰতৰ হৈ ২২ বছৰ খেলিছে। বৰ্তমান তেওঁ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক। এদিনীয়া ক্রিকেটত ৭০০০ৰৰো বেছি ৰান কৰিছে তেওঁ। আনহাতে, অশ্বিনে বিশ্ব টেষ্ট প্রতিযোগিতাত সকলোতকৈ বেছি উইকেট লাভ কৰিছে। টেষ্টত তেওঁৰ ৪১৩টা উইকেট।













