![]()
নিউজ ডেস্কঃ
কৰোনাত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। তাৰ নীতি নির্ধাৰণৰ বাবে ছয় সপ্তাহৰ সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে। ক্ষতিপূৰণৰ ধন কিমান হ’ব, কেনেদৰে সেয়া শোকগ্রস্ত পৰিয়ালবোৰৰ হাতত তুলি দিয়া হ’ব, উক্ত সময়ৰ ভিতৰতেই তাৰ গাইড লাইন প্ৰস্তুত কৰিব লাগিব কেন্দ্ৰই।
ক্ষতিপূৰণৰ গাইড লাইনৰ প্ৰস্তুতৰ দায়িত্ব ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ওপৰত ন্যস্ত কৰিছে ছুপ্ৰিম কোৰ্টে। আদালতে জনাইছে, কোভিডত মৃত্যু হোৱাসকলৰ পৰিয়ালবোৰে ন্যূনতম ক্ষতিপূৰণ প্রাপ্য। ঠিক কিমান টকা পৰিয়ালবোৰৰ বাবে যথেষ্ট, সেয়া দুৰ্যোগ ব্যৱস্থাপনা বিভাগেই বিচাৰ-বিবেচনা কৰি ঠিক কৰিব লাগিব। সেই মতে নির্দেশনা প্রকাশ কৰিব লাগিব নির্ধাৰিত সময়ৰ ভিতৰতে।











