ASSAM TIMES POST
নগাঁওঃ বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা, পৰিচালক পাৰ্থজিৎ বৰুৱাই শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ‘কিয়াৰ’স্কুৰ’ নামৰ তথ্যচিত্রখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।
মুম্বাইৰ হোটেল ৰেছেডেন্সিত ৮ ছেপ্টেম্বৰত অনুষ্ঠিত সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত দেশ বিদেশৰ বিভিন্ন তথ্যচিত্রৰ ভিতৰত ‘কিয়াৰ’স্কুৰ’তথ্যচিত্রখনৰ বাবে পাৰ্থজিৎ বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ।
২৯ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্রখনৰ পৰিচালনা , চিত্ৰনাট্য পাৰ্থজিৎ বৰুৱাৰ নিজা। ‘কিয়াৰ’স্কুৰ’ তথ্যচিত্রখনে ইতিমধ্যে আহমেদনগৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্রৰ শিতানত শ্ৰেষ্ঠ তথ্যচিত্রৰ সন্মান লাভ কৰাৰ লগতে দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাটো নিৰ্বাচিত হৈছিল ।
আনহাতে পাৰ্থজিৎ বৰুৱাই ৰাজ্যিক চলচ্চিত্ৰ সমালোচকৰ বঁটা ইতিমধ্যে লাভ কৰিছে। নগাঁও চহৰৰ আমোলাপট্টি নিৱাসী তথ্যচিত্র নিৰ্মাতা, পৰিচালক পাৰ্থজিৎ বৰুৱাই ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা কেইবাখনো তথ্যচিত্রই ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিছে।
উল্লেখ্য, লোকসেৱক হলধৰ ভূঞাৰ পুত্র নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞাৰ জীৱনৰ আধাৰত তথ্যচিত্র নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই ‘কিয়াৰ’স্কুৰ’ তথ্যচিত্রখন নিৰ্মাণ কৰি উলিয়াইছে।
এক ব্যতিক্রমী ব্যক্তিত্বৰ মুকুট চন্দ্ৰ ভূঞাই পুনে ফিল্ম ইনষ্টিটিউটত সম্পাদন বিভাগত পাঠ্যক্রম সম্পূর্ণ কৰাৰ পাচত অসমলৈ উভতি আহি মৰ্যাদা সম্পন্ন বাতৰি কাকত – আলোচনী বিতাৰকৰ দায়িত্ব পালন কৰি আহিছে।