![]()
নিউজ ডেস্কঃ
ৰাজনৈতিক সৌজন্য পাহৰা নাই বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে। প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রপতি ৰামনাথ কোবিন্দসহ একাধিক দলৰ নেতাৰ বাবে বংগৰ আম পঠালে মমতাই।
মালদহৰ লক্ষণভোগ, লেংৰা আমৰ উপৰি উপহাৰৰ টোপোলাত আছে হিমসাগৰো। অৱশ্যে কেৱল মোদী–শ্বাহ বা ৰাষ্ট্রপতি ৰামনাথ কোবিন্দেই নহয়, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙলৈও আম পঠাইছে মমতাই। লগতে উপ-ৰাষ্ট্রপতি ভেঙ্কায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিড়লালৈকো গৈছে আমৰ উপহাৰৰ টোপোলা। কংগ্রেছ নেত্রী ছোনিয়া গান্ধী, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ ঠিকনাতো আম প্ৰেৰণ কৰিছে বংগৰ মুখ্যমন্ত্ৰীয়ে।











