![]()
নিউজ ডেস্কঃ
প্রত্যাশিতভাবেই ভাৰতৰ পৰা আঁতৰাই নিয়া হ’ল টি-২০ বিশ্বকাপ। চলিত বছৰৰ প্রতিযোগিতাখন অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে সংযুক্ত আৰব আমিৰশাহিত। এক টিভি চেনেলত এই কথা জনাইছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। ভাৰতত কৰোনা সমস্যা সম্পূৰ্ণভাৱে নিয়ন্ত্রণলৈ নহাত এই সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য, বোর্ডে আগতেই জনাইছিল আইপিএল স্থানান্তৰ কৰি চৌডি আৰবত অনুষ্ঠিত কৰা কথা। টি-২০ বিশ্বকাপো স্থানান্তৰ হোৱাৰ চৰ্চা বহু দিন ধৰি চলি আহিছিল। বোর্ডৰ কেইগৰাকীমান বিষয়াই গৈ চৌডি আৰবৰ আন্তঃগাঁথনি চাই আহিছিল।
সংবাদ সংস্থাক সৌৰভ গাংগুলীয়ে কয়, “আইচিচিক চৰকাৰীভাবে জনাই দিয়া হৈছে টি-২০ বিশ্বকাপ আৰবলৈ স্থানান্তৰৰ কথা। পিছত বিতংভাৱে ঘোষণা কৰা হ’ব।” সৌৰভ গাংগুলীৰ উপৰি এক ৱেবছাইটত বোর্ডৰ কোষাধ্যক্ষ অৰুণ ধুমলেও খবৰৰ সত্যতা স্বীকাৰ কৰিছে।













