স্বাস্থ্য প্ৰতিবেদন:
দিনভৰ মূৰৰ বিষ লৈ কাম কৰাটো অতি অস্বস্তিকৰ। মূৰৰ বিষ মানে কেৱল মাইগ্রেন নহয়। একাধিক কাৰণত মূৰৰ বিষ হয়। কিয় মূৰৰ বিষ হৈছে তাৰ কাৰণ সঠিকভাবে নির্ণয় কৰিব পাৰিলে এই বিষ উপশমৰ চিকিৎসা সম্ভৱ হ’ব পাৰে।
মূৰৰ এফালে বিষ : মাইগ্রেন
যদি মূৰৰ বিষ আপোনাৰ মূৰৰ এফালে (বাওঁ অথবা সোঁফালে) হয় আৰু মূৰত স্পন্দন অনুভূত হয়, তেনেহ’লে সেয়া মাইগ্রেনৰ লক্ষণ হ’ব পাৰে। মাইগ্রেনত ভোগাৰ এক বহু কাৰণ আছে, কিন্তু পৰিত্রাণ পোৱাটো সিমান এটা সহজ নহয়।
মাইগ্রেনৰ বিষ তীব্র হয় আৰু কার্যক্ষেত্ৰত ক্ষতিকৰ প্রভাব পেলায়। যিমান সোনকালে সম্ভব মাইগ্রেনৰ বিষৰ পৰা মুক্তি পোৱাৰ বাবে কামৰ পৰা বিৰত থকা আৰু বিশ্রামৰ প্রয়োজন হয়। এই বিষ নির্মূল নহয়। কিন্তু সতর্ক আৰু পর্যবেক্ষণৰ মাজতেই থকা উচিত।
মূৰৰ চাৰিওফালে : টেনছন হেডেক
মানসিক চাপত মূৰৰ বিষক টেনছন-টাইপ হেডেক বা দুশ্চিন্তাজনিত মূৰৰ বিষ বোলা হয়।
মুখমণ্ডলত : ছাইনাছ হেডেক
যদি আপুনি চকু আৰু গালত চাপ অনুভব কৰে, তেনেহ’লে সেয়া ছাইনাছ হেডেকৰ লক্ষণ বুলি ধৰি ল’ব পাৰে। কিন্তু প্রকৃতপক্ষে ছাইনাছ হেডেক অতি বিৰল আৰু প্রায় সময়ত সেয়া প্ৰকৃততে মাইগ্রেন, যাৰ কাৰণে মুখমণ্ডলত বিষ হ’ব পাৰে।
হঠাৎ মূৰৰ যিকোনো অংশত : থান্ডাৰক্ল্যাপ হেডেক
থান্ডাৰক্ল্যাপ হেডেকৰ ক্ষেত্রত মূৰৰ ভিতৰত বজ্রাঘাত অনুভূত হয়। এই বিষ তীব্র হয়, অতিকমেও পাঁচ মিনিট থাকে আৰু আপুনি হয়তো জানিবও নোৱাৰিব কিয় সেয়া হৈছে। মূৰৰ বিষৰ বিভিন্ন প্রকাৰৰ ভিতৰত এনে ধৰণৰ মূৰৰ বিষ বিপদাশঙ্কাৰ নির্দেশ কৰিব পাৰে। আপোনাৰ যদি এনে ধৰণৰ মূৰৰ বিষ হয়, তেনেহ’লে ডাক্তৰৰ শৰণাপন্ন হওক।
চকুৰ পিছফালে: ক্লাষ্টাৰ হেডেক
যদি আপুনি অনুভব কৰে যে চকুৰ পিছফালৰ পৰা কিহবাই আপোনাক হানা-খোঁচা কৰিছে, তেনেহ’লে সেয়া ক্লাষ্টাৰ হেডেকৰ লক্ষণ হ’ব পাৰে। মূৰৰ বিষক ছুইছাইড হেডেকো বোলে। কাৰণ ইয়াৰ ফলত বিষ খুব তীব্র হয়। ই প্রায়ক্ষেত্রতে মহিলাসকলতকৈ পুৰুষসকলক বেছি প্রভাবিত কৰে। বিষৰ সৈতে চকুত ৰঙা ভাব, চকুৰ পৰা পানী ওলোৱা, ক্লান্তি আহিব।
মূৰৰ উপৰিভাগত বা মুখমণ্ডলৰ উপৰিভাগত : এলার্জি হেডেক
এলার্জি হেডেক ছাইনাছৰ সৈতে সম্পর্কিত হ’লেও সেয়া ঋতুভিত্তিক হৈ থাকে। সঠিকভাবে এই সমস্যা চিনাক্ত কৰিবলৈ ডায়াগনোচিছ কৰা উচিত।
মূৰৰ যিকোনো অংশত বিষ
যদি কাম-কাজৰ সময়ত বা পিছত শ্রম সংক্রান্ত মাথাব্যথা হৈ থাকে। ব্যায়াম বা উত্তেজনা বা কামোত্তেজনাত বাঢ়ি যাব পাৰে। ইয়াৰ ফলত তীব্র মূৰৰ বিষ, একফলীয়া মূৰৰ বিষ, স্পন্দিত মূৰৰ বিষ, একেৰাহে মূৰৰ আৰু বমি বমি ভাব দেখা যায়।
কপাল বা মূৰৰ এফালে : এয়াৰপ্লেন হেডেক
আকাশীপথত ভ্রমণৰ সময়ত মূৰৰ এফালে বিষ অনুভূত হ’ব পাৰে, যাক এয়াৰপ্লেন হেডেক বোলে। আকাশীপথত ভ্রমণ খুব এটা কঠিন নহ’লেও গৱেষণাত পোৱা গৈছে যে প্রতি ১২ জনৰ এজন লোক এয়াৰপ্লেন হেডেকত ভোগে।
মূৰৰ বিষ দূৰ কৰাৰ উপায়
কামৰ চাপত বিশ্রাম নোলোৱাৰ কাৰণে বহু সময়ত মূৰৰ বিষ হয়। কিন্তু মূৰ বিষালে অৱশ্যেই টোপনি মাৰিব লাগিব। আৰু দিনে দিনে যদি মূৰৰ বিষ বৃদ্ধি হৈ থাকে, তেন্তে অৱশ্যেই চিকিৎসকৰ পৰামর্শ ল’ব লাগিব। মূৰৰ বিষত ভুগিলে কম পোহৰত থাকক অন্তত কিছু সময়ৰ বাবে। কম্পিউটাৰ স্ক্রিন, লেপটপ বা মোবাইল ফোনৰ পোহৰৰ বিচ্ছুৰণৰ পৰা দূৰৈত থাকক।
এই সময়ত বাহিৰলৈ নোলালে নহ’লে অতি ভাল মানৰ এন্টি গ্লেয়াৰ ছান গ্লাছ পিন্ধক। গৰম পানীত ভৰি ডুবাই ৰাখিলে যে মূৰৰ বিষ কমে, এই তথ্য বহুতেই হয়তো বিশ্বাস নকৰিব। ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি মূৰৰ বিষ। আহক জানি লওঁ কেনেদৰে ঘৰুৱা উপায়েৰে মূৰৰ বিষ দূৰ কৰিব।
দিনত আঠৰ পৰা ছয় ঘণ্টা শুব পাৰিলে ভাল। একেৰাহে বহু সময় ধৰি চকুৰ কাম নকৰিব। মাজে মাজে অলপ অলপ বিশ্রাম লওক। ঘণ্টাত অন্তত এবাৰ পাঁচ মিনিটৰ বাবে হ’লেও চকু বন্ধ কৰি বহি থাকিব।
ভিটামিন বি কমপ্লেক্সযুক্ত খাদ্য খাওক। পানীত সহজে দ্রবীভূত হোৱা এই ভিটামিনৰ বহু গুণ আছে। এই ভিটামিনে মূৰৰ বিষ ৰোধ কৰিব পাৰে। কণী, কল, মাছ, দাইল, ছাইট্রাছ ফল যেনে নেমু ইত্যাদিত এই ভিটামিন আছে। এইবোৰ ডায়েটত অন্তৰ্ভুক্ত কৰক। ভিটামিন বি কমপ্লেক্স টেবলেটো খাব পাৰে। কিন্তু তাৰ আগতে জানি ল’ব যে আপোনাৰ মূৰৰ বিষ আচলতে এই কাৰণত হৈছে নে নাই। মূৰৰ যন্ত্রণা হ’লে আদা চাহ খাব পাৰে।