![]()
নিউজ ডেস্কঃ
ছাউডাম্পটনত ৮ উইকেটত ভাৰতক পৰাস্ত কৰি টেষ্ট ক্ৰিকেটৰ বিশ্বচেম্পিয়নৰ খিতাপ দাখিল কৰিলে নিউজিলেণ্ডে। নিউজিলেণ্ডে ফাইনেলৰ বিজয়ী দল হিচাবে ট্ৰফীৰ লগতে লাভ কৰিলে ১.৬ মিলিয়ন মার্কিন ডলাৰ নগদ ধন। ভাৰতীয় মুদ্রাত যাৰ পৰিমাণ প্রায় ১১.৮৮ কোটি টকা।
দুবছৰ ধৰি চলা দীঘলীয়া টুর্নামেন্টখনৰ ৰানাৰ্ছ আপ দল হিচাবে টিম ইণ্ডিয়াই লাভ কৰে ৮ লাখ মার্কিন ডলাৰ। যাৰ পৰিমাণ ভাৰতীয় মুদ্রাত প্রায় ৫.৯৪ কোটি টকা।
অৱশ্যে কেৱল ফাইনেলিষ্ট দল দুটাকেই নহয়, আর্থিক পুৰস্কাৰ দিয়া হৈছে অংশগ্রহণকাৰী দলকেইটাক। ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ক্রম তালিকাত দ্বিতীয়, তৃতীয় আৰু চতুর্থ স্থানত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু পাকিস্তান।
এই তিনিটা দল লাভ কৰিছে যথাক্রমে ৪ লক্ষ ৫০ হাজাৰ মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাত ৩.৮ কোটি টকা), ৩ লক্ষ ৫০ হাজাৰ ডলাৰ (২.৬২ কোটি টকা) আৰু ২ লক্ষ ডলাৰ (১.৫ কোটি টকা)। বাকী চাৰিটা দল ৱেষ্ট ইন্ডিজ, দক্ষিণ আফ্রিকা, শ্রীলঙ্কা আৰু বাংলাদেশক দিয়া হ’ব ১ লক্ষ মার্কিন ডলাৰকৈ (ভাৰতীয় মুদ্রাত ৭৫ লক্ষ টকা)।













