স্বাস্থ্য প্ৰতিবেদন:
প্রাকৃতিকভাবে ছাল আৰু চুলিৰ সমস্যা দূৰ কৰিবলৈ আমলখি ব্যৱহাৰ কৰিব পাৰে।
মুখৰ দাগ আৰু ব্রণৰ চিনবোৰ আঁতৰায় :
যদি আপোনাৰ মুখত দাগ আৰু ব্রণৰ চিন থাকে তেন্তে আমলখিয়ে আপোনাক সহায় কৰিব পাৰে।
ইয়াৰ বাবে আমলখিৰ ৰস আপোনাৰ মুখত লগাব লাগিব আৰু ৩০ মিনিটৰ বাবে ইয়াক মুকলিকৈ ৰাখিব লাগে।
এইবাৰ কুহুমীয়া পানীৰে মুখখন ধুই পেলাওক।
আপোনাৰ যদি ছাল সংবেদনশীল তেন্তে পানীৰ সৈতে ৰস মিশ্রণ কৰক আৰু প্রয়োগ কৰক। ই আপোনাক দাগ দূৰ কৰাত সহায় কৰিব।
শুকান ছালৰ পৰা মুক্তি পোৱাত সহায় কৰে!
যদি আপোনাৰ ছাল শুকান তেন্তে আমলখিৰ ৰস ফেচ স্ক্রাব হিচাবে ব্যৱহাৰ কৰিব পাৰে। কাৰণ ই ছালক ভালদৰে এক্সফোলাইটেড কৰাত সহায় কৰে। আমলখিত থকা এন্টি অক্সিডেন্ট আৰু ভিটামিন চিয়ে ছালক টোনড, টাইট আৰু স্বাস্থ্যকৰ কৰাত সহায় কৰে।
ইয়াৰ বাবে আপুনি এক চামুচ আমলখিৰ গুৰি গৰম পানীত মিহলাই লওক। আপোনাৰ মুখখন স্ক্রাব কৰিবলৈ এতিয়া এই পেষ্টটি ব্যৱহাৰ কৰক। পাঁচ মিনিট পিছত ইয়াক ধুই পেলাওক।
আপোনাৰ চুলি সৰা সমস্যা সমাধানত:
চুলি সৰাৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আমলখি কার্যকৰী। ইয়াৰ বাবে আপুনি প্রথমে কিছু শুকান আমলখি কাটি লওক আৰু ইয়াক পানীত সিদ্ধ কৰক। ই ভালদৰে উতলিলে পিহি লৈ এটি পেষ্ট তৈয়াৰ কৰক।আমলখি তেল এবিধ ভাল কন্ডিচনাৰ আৰু চুলিত প্রাকৃতিক উজ্জ্বলতা দিয়ে।
এতিয়া আপুনি ইয়াক চুলিৰ উপৰি মূৰত পেষ্ট হিচাবে প্রয়োগ কৰিব পাৰে। আপুনি সপ্তাহত এবাৰ এইটো কৰিব পাৰে। ই চুলি সৰা নিয়ন্ত্রণ কৰে। চুলিত আমলখিৰ ৰস ব্যৱহাৰ কৰক আৰু আধা ঘন্টা পিছত ধুই পেলাওক।
পাতল আৰু শুকান চুলিৰ সমস্যাৰ পৰা মুক্ত হ’বলৈও নিয়মিত চুলি ধোৱাৰ আগতে আমলা হেয়াৰ অয়ল ব্যৱহাৰ কৰিব পাৰে।