স্বাস্থ্য প্ৰতিবেদন:
আপোনাৰ চুলি পাতল হৈ গৈছে নেকি? নে সৰিছে? তেনেহ’লে পিঁয়াজৰ ৰস লগাওক। শেহতীয়া গৱেষণাই কৈছে, পিঁয়াজৰ ৰসত আছে এনে উপাদান, যিয়ে চুলি বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি, পিঁয়াজৰ ৰসৰ অন্য বহু গুণ আছে।
১) পিঁয়াজৰ ৰস লগালে চুলি পকাৰ আশঙ্কা কমে। ইয়াত আছে এক ধৰণৰ এন্টি অক্সিডেন্ট, যিয়ে চুলিৰ গুৰিত হাইড্রোজেন পাৰঅক্সাইডৰ মাত্রা কমায়। ফলত চুলি পকাৰ আশঙ্কা কমে।
কেনেদৰে লগাব?
পিঁয়াজৰ ৰস উলিয়াই লওক। তাৰ পিছত তিনি চাহ চামুচ ৰসৰ সৈতে দুই চাহ চামুচ নেমুৰ ৰস মিহলাই চুলি আৰু মূৰৰ তালুত ভালদৰে লগাই ৰাখক সেই মিশ্রণ।
২) পিঁয়াজত আছে প্রদাহ ৰোধ কৰিব পৰা ক্ষমতা। মূৰত উফি কমোৱাত সহায় কৰে। তালু শুকান হৈ গ’লেও পিঁয়াজৰ ৰসে সেয়া কমায়।
কেনেদৰে লগাব?
দুই টেবুল চামুচ পিঁয়াজৰ ৰস আৰু আধা টেবুল চামুচ মৌ একেলগে মিহলাই মূৰত লগাব পাৰে। বা তিনি টেবুল চামুচ পিঁয়াজৰ ৰস আৰু পাঁচ চাহ চামুচ নাৰিকল তেল মিহলাই ল’ব পাৰে এক চাহ চামুচ নেমুৰ ৰসৰ সৈতে। ইয়াৰে যিকোনো এটি মূৰত লগোৱাৰ পিছত ২০ মিনিট ৰাখি চুলি চেম্পু কৰি ধুই দিয়ক।
৩) বয়সৰ আগতেই টপা হৈ গৈছে? পিঁয়াজৰ ৰসে সেই সমস্যাৰো সমাধান কৰিব পাৰে। গৱেষণাৰ সমীক্ষাত দেখা গৈছে, ইয়াৰ জৰিয়তে বহুতে সুফল লাভ কৰিছে।
কেনেদৰে লগাব?
এই ক্ষেত্রত পিঁয়াজৰ ৰস চুলি উঠি যোৱা স্থানত দিনে দুবাৰকৈ লগাওক। সমস্যাৰ পৰা মু্ক্তি পাব।