স্বাস্থ্য প্ৰতিবেদন:
মাখনাক যদিও এটি শুকান ফল হিচাবে গণ্য কৰা হয়, তথাপি আজিকালি ই মানুহৰ প্রিয় খাদ্য হৈ উঠিছে। মাখনা নিয়মিত খালে বহু মাৰাত্মক ৰোগৰে পৰা এৰাই চলিব পাৰি।
চিকিৎসকসকলৰ মতে মাখনাত ভাল কোলেষ্টেৰেল থাকে, ফেট আৰু ছডিয়াম কম। আনহাতে, মেগনেচিয়াম, কেলচিয়াম, কার্বছ আৰু ভাল প্রোটিন প্রচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ বাহিৰে মাখনা আঠামুক্ত। আয়ুর্বেদ মতে, যদি খালি পেটত প্রতিদিনে ৪-৫টা মাখন খোৱা যায় তেতিয়াহ’লে শৰীৰত বহু উপকাৰে পোৱা যায়।
পেটৰ ফেট হ্রাস কৰে:
মাখনাৰ সহায়ত পেটৰে মেদ কমাব পাৰে। যিসকলে পেটৰে চর্বিৰ বাবে সমস্যাত পৰিছে তেওঁলোকে অৱশ্যেই মাখনাক ডায়েটত অন্তর্ভুক্ত কৰক। কাৰণ ইয়াত ফেটিৰ পৰিমাণ নগণ্য। আনহাতে, মাখনা ভাল চর্বিৰ উৎস হিচাবে বিবেচিত হয়। তদুপৰি, ইয়াত কেলৰিৰ পৰিমাণ কম, সেয়ে ইয়াক খালে পেটৰে চর্বি সহজে হ্রাস কৰিব পৰা যায়।
মাখনা খালে কিডনিৰ পৰা বিষাক্ত উপাদান বাহিৰ ওলাই আহে আৰু কিডনি সুস্থ থাকে।
মাখনা কেলচিয়াম সমৃদ্ধ, সেয়ে ই হাড় মজবুত কৰাৰ কাম কৰে।
গর্ভৱতী মহিলাই মাখন খিৰ বনাই খোৱা উচিত। ই স্বাস্থ্যৰে উন্নতি কৰে।
ডায়েবেটিছ ৰোগীসকলে যদি খালি পেটত নিয়মিত ৪-৫টা মাখনা খায় তেন্তে তেওঁলোকৰ ছুগাৰে নিয়ন্ত্রণত থাকে।